--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্পূৰৰ দৰে উৰি গ’ল নেপচুন গ্ৰহৰ  চাৰিওফালে থকা ডাৱৰৰ কুণ্ডলীটো  । ফলত মেঘ শূন্য হোৱাৰ দিশে আগবাঢ়িছে গ্ৰহটো।  নাছাৰ হাবল স্পেচ টেলিস্কোপে এই কথা ধৰা পৰাৰ পিছতে বিজ্ঞানীসকল আচৰিত হৈ পৰিছে। সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুনক ১১ বছৰ সময় লাগে।  এই ১১  বছৰত সূৰ্যৰ সন্মুখলৈ  অহা নেপচুনৰ দিশটোত  এক ডাঙৰ ৰাসায়নিক পৰিৱৰ্তন হয়। ১১ বছৰ ধৰি  সূৰ্যৰ  উত্তাপ সহি থকা নেপচিনৰ সেই ফালটোৰ পৰিৱেশলৈ আহে বিশেষ পৰিৱৰ্তন।  এই সময়ছোৱাত  সূৰ্যৰ উত্তাপৰ বাবেই নেপচুন গ্ৰহৰ ডাৱৰৰ কুণ্ডলীটো নাইকীয়া হৈ পৰে।  আকৌ, সূৰ্যৰ পৰা আঁতৰি যোৱাৰ পিছত নেপচুন গ্ৰহৰ চাৰিওফালে  ডাৱৰৰ এটা আঙুঠি লাহে লাহে সৃষ্টি হ’বলৈ ধৰে।

১৯৮৯ চনত নাছাৰ ভয়েজাৰ ২ মহাকাশযানে পৃথিৱীলৈ নেপচুনৰ ক্লোজ-আপ ছবি প্ৰেৰণ কৰিছিল। সেই ছবিত নেপচুনক ডাঠ ধোঁৱাৰ দৰে  ডাৱৰৰ কুণ্ডলীৰে আগুৰি ধৰি থকা দেখা গৈছিল। কিন্তু এতিয়া সেই মেঘ নাইকিয়া হৈছে। বিজ্ঞানীসকলে কৈছে যে নেপচুনৰ মেঘৰ স্তৰ সূৰ্যৰ ৰশ্মি আৰু চুম্বকীয় ক্ষেত্ৰই  ধ্বংস কৰি পেলাইছে।
পৃথিৱীৰ পৰা নেপচুনৰ দূৰত্ব ৪.৩ বিলিয়ন কিলোমিটাৰ। ডাঠ বৰফৰ চাদৰে মেৰিয়াই থোৱা গ্ৰহটো ৰহস্যজনক। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি নেপচুনৰ আঙুঠিৰ প্ৰতি আগ্ৰহী আছিল। অৱশ্যে উপযুক্ত প্ৰযুক্তিৰ অভাৱৰ বাবে এনে দূৰৱৰ্তী গ্ৰহৰ চাৰিটা দিশ পৰ্যবেক্ষণ কৰাটো বিজ্ঞানীসকলৰ বাবে  সম্ভৱ হোৱা নাছিল। নেপচুনৰ আঙুঠি শেষবাৰৰ বাবে ভয়েজাৰ ২ মহাকাশযানৰ দ্বাৰা তোলা ছবিত দেখা গৈছিল। 

তিনি দশক আগতে নেপচুনৰ আঙুঠিৰ প্ৰতিচ্ছবি অতি অস্পষ্ট আছিল। জেমছ ৱেব স্পেচ টেলিস্কোপে সেই সময়ত মহাকাশৰ পৰা ছবি প্ৰেৰণ কৰিছিল। গ্ৰহটোৱে সৌৰজগতৰ এটা কোণত এটা অন্ধকাৰ অঞ্চলত প্ৰদক্ষিণ কৰি আছে।  বহুতে নেপচুনক বৰফৰ দৈত্য বুলি কয়। মহাকাশৰ পৰা, এই গ্ৰহটো গাঢ় বেঙুনীয়া যেন দেখি । একে সময়তে এই গ্ৰহটোত এক প্ৰকাৰৰ নীলা উজ্জ্বলতাও দেখা যায়।

নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে যে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে নেপচুন গ্ৰহত প্ৰভাৱ পেলাই আহিছে। বহুত প্ৰভাৱিত কৰে। চুম্বকীয় ক্ষেত্ৰই  নেপচুনৰ মেঘৰ আঙুঠি গ্ৰাস কৰি গৈছে বুলিও বিজ্ঞানীসকলে ধাৰণা কৰিছে।  ফটোকেমিকেল প্ৰতিক্ৰিয়াৰ বাবেই  নেপচুনৰ ডাৱৰ নাইকিয়া হৈ গৈছে বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?