--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাই দ্ৰুতগতিত নিজৰ স্থান দখল কৰিছে। যি গতিৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰা বৃদ্ধি পাইছে তাৰ বাবে চাকৰিৰ প্ৰতিও ভাবুকি বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমান প্ৰায়ভাগ কামতে মানুহে এআইৰ সহায় ল’বলৈ আৰম্ভ কৰিছে। কোম্পানীসমূহেও ইয়াক ব্যৱহাৰ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। এনে বহু কাম যিবোৰ এআইৰ সহায়ত দ্ৰুত আৰু সময়মতে সম্পূৰ্ণ হৈ আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি বিশ্বজুৰি ৩০ কোটি চাকৰি এআইৰ পৰা বিপদত পৰিছে।


Getting personal with on-device AI | Qualcomm
শেহতীয়া বাতৰি অনুসৰি অনাগত সময়ত Generative AI অতি বৈপ্লৱিক হ’ব। ই মানুহৰ দৰে কন্টেন্ট সৃষ্টি কৰিব পাৰে। আগন্তুক সময়ত ইয়াৰ পৰিণাম মানুহে ভোগ কৰিবলৈ গৈ আছে। বহু খণ্ডত লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। অৱশ্যে আমি যেতিয়া মেটা এআইক ইয়াৰ উত্তৰ বিচৰা , তেতিয়া ইয়াৰ উত্তৰটোত সকলো হতভম্ব হৈ পৰিল।

Unveiling the Power of Artificial Intelligence(AI research) -  Kernel-Technology

মেটা এআইক প্ৰশ্ন কৰা হৈছিল যে ভৱিষ্যতে মানুহৰ চাকৰি বিপদত পৰিব নেকি? এই কথাত এআইয়ে উত্তৰ দিলে, "কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ বিকাশে বহু ক্ষেত্ৰত পৰিৱৰ্তন আনিছে, য'ত কিছুমান কামত স্বয়ংক্ৰিয়কৰণৰ সম্ভাৱনাও আছে। অৱশ্যে এআইয়ে প্ৰত্যক্ষভাৱে মানুহৰ কামবোৰ কাঢ়ি নিছে বুলি কোৱাটো অন্যায়। এই বিষয়ে কোৱাটো বৰ জটিল ৷’’ 

The introduction to AI your business cannot miss
এআইয়ে কয়, "এআইয়েও কিছুমান চাকৰি সলনি কৰি নতুন সুযোগ সৃষ্টি কৰিছে। বহু খণ্ডত এআইয়ে উৎপাদনশীলতা বৃদ্ধি আৰু দক্ষতা বৃদ্ধি কৰিছে, কিন্তু একে সময়তে ন ন দক্ষতাৰ চাহিদাও বৃদ্ধি পাইছে। কিছুমান কাম যিবোৰ পুনৰাবৃত্তিমূলক বা সহজে সম্পন্ন কৰা হৈছে। মেচিনৰ দ্বাৰা এআইৰ বাবে পৰিৱৰ্তন হ'ব পাৰে, কিন্তু আন বহু ক্ষেত্ৰত এআই প্ৰযুক্তিৰ বিকাশৰ পৰা এতিয়াও কৰ্মশক্তিৰ প্ৰয়োজন ৷ পৃথিৱীখন সলনি হৈছে, আৰু নতুন দক্ষতাৰ চাহিদা বৃদ্ধি পাইছে, যাৰ বাবে মানুহে নিজৰ কামৰ ক্ষেত্ৰত নিজকে আপডেট কৰিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?