--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে আমেৰিকাত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপৰ ফলত আমেৰিকাত অবৈধভাৱে বাস কৰি থকা প্ৰায় ১৮,০০০ ভাৰতীয় নিজ দেশলৈ ঘূৰি আহিব লাগিব। ইতিমধ্যে মঙলবাৰে টেক্সাছৰ পৰা ২০৫ জন অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ সামৰিক বিমান অমৃতসৰত অৱতৰণ কৰিছে।

 কোনো অনাকাংক্ষিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পঞ্জাৱ আৰক্ষীক আগতীয়াকৈ সকীয়াই দিয়াৰ লগতে অমৃতসৰ বিমানবন্দৰত ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। সূত্ৰ অনুসৰি এই ২০৫ জন লোকক প্ৰথম পৰ্যায়ত ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে আমেৰিকাত থকা অবৈধভাবে বাস কৰা ভাৰতীয়ক ক্ৰমান্বয়ে বিতাড়িত কৰা হ’ব।

এক সূত্ৰ অনুসৰি এই অবৈধ ভাৰতীয়সকলৰ অধিকাংশই মেক্সিকো-আমেৰিকাৰ সীমান্তত ধৰা পৰিছিল। এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে বৈধভাৱে ভাৰত এৰি গৈছিল। পিছত তেওঁলোকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰে। সেয়ে ভাৰতত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কোনো সম্ভাৱনা নাই।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ তেওঁ উদ্যোগ লৈছিল। ইতিমধ্যে আমেৰিকাত বাস কৰা কেইবাখনো দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে টৰাম্প প্ৰশাস। ইয়াৰ ভিতৰত ভাৰতো অনন্তৰ্ভুক্ত আছে। হোৱাইট হাউছে মঙলবাৰৰ পৰা ভাৰতলৈ অবৈধ অনুপ্ৰৱেশকাৰী প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷

উল্লেখযোগ্য যে আমেৰিকাত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়তে অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত দিল্লীৰ স্থিতি স্পষ্ট কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকাত কোনো অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী আছে নে নাই সেই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছিল। তেওঁ ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত কয় যে অনুপ্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ যি নীতিগত স্থিতি আছে, যিটো প্ৰতিখন দেশতে প্ৰযোজ্য, গতিকে ভাৰতে সদায় আইনী অনুপ্ৰৱেশক সমৰ্থন কৰে বুলি মন্তব্য প্ৰদান কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?