--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহু ৰাজ্যৰ পৰা সঘনাই বাৰ্ড ফ্লুৰ ৰোগী পোহৰলৈ আহি আছে।এই ৰোগক লৈ সমগ্ৰ দেশবাসী অতিশয় চিন্তিত। শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত অন্ধ্ৰ প্ৰদেশত এগৰাকী ২ বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাইছে। দেশত এই ৰোগৰ ফলত মানুহৰ মৃত্যুৰ এয়া দ্বিতীয়টো ঘটনা। 

ইয়াৰ পূৰ্বে ২০২১ চনত বাৰ্ড ফ্লুৰ ফলত এজন লোকৰ মৃত্যু হৈছিল। শিশুটিৰ মৃত্যুৰ পিছতে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। শিশুটিয়ে ভালকৈ নিসিজা কুকুৰাৰ মঙহ খোৱাৰ বাবেই বাৰ্ড ফ্লুত আক্ৰান্ত হয় আৰু তাৰ পিছত এইদৰে মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে উল্লেখ কৰিছে।

উল্লেখ্য যে মৃত্যুৰ পূৰ্বে শিশুটিৰ কিছুদিন ধৰি সামান্য জ্বৰ হৈছিল। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি দেখা নগ’ল আৰু অৱশেষত তেওঁৰ মৃত্যু ঘটে। বাৰ্ড ফ্লুৰ বাবে এই শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ বিজ্ঞানীসকলে। 

ৰাজস্থানৰ পশু বিজ্ঞান বিভাগৰ চিকিৎসকৰ ডাঃ এন আৰ ৰাৱাটে এই সন্দৰ্ভত কয় যে বাৰ্ড ফ্লু হৈছে ভাইৰাছৰ সংক্ৰমণ। ই চৰাইৰ ক্ষেত্ৰত, প্ৰধানকৈ কুকুৰাত পোৱা যায়।

বাৰ্ড ফ্লুৱে যিকোনো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে, কিন্তু কিছুমান মানুহৰ শৰীৰত ই অধিক গুৰুতৰ ৰূপ ধাৰন কৰিব পাৰে ৷ যেনে

১) ৬০ বছৰৰ ওপৰৰ লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, যাৰ বাবে বৃদ্ধসকল সোনকালে আক্ৰান্ত হ’ব পাৰে ৷ 

২)৫ বছৰৰ তলৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে বিকশিত নহয়, যাৰ বাবে বাৰ্ড ফ্লুৱে গুৰুতৰ ৰূপ ল’ব পাৰে।

৩)একে সময়তে গৰ্ভৱতী মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰিৱৰ্তনৰ বাবে এই আশংকা বৃদ্ধি পায়।

৪)ইয়াৰ বাহিৰেও যদি আপোনাৰ ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে, তেন্তে এই সমস্যা বাঢ়িব পাৰে।


বাৰ্ড ফ্লু গুৰুতৰ হোৱাৰ পৰা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

বাৰ্ড ফ্লুৰ পৰা হাত সাৰিবলৈ আক্ৰান্ত চৰাইৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। যদি আপুনি মাংস আৰু কণী খায় তেন্তে ভালদৰে সিজোৱাৰ পিছত খাব লাগে। সঘনাই হাত ধুব আৰু মাস্ক পৰিধান কৰিব। কোনো ব্যক্তিৰ যদি ফ্লুৰ লক্ষণ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰাটো উচিত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?