--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰস সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি জনা যায়। কুঁহিয়াৰৰ ৰসত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰক সুস্থ কৰি ৰখাৰ লগতে বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত সহায়ক কৰে। কিন্তু আপুনি জানেনে যে প্ৰচণ্ড তাপত শৰীৰক সজীৱতা প্ৰদান কৰা এই ৰসে কিছু লোকৰ স্বাস্থ্যৰ বাবেও সমস্যা বৃদ্ধি কৰিব পাৰে?

 কুঁহিয়াৰৰ ৰসত কেলছিয়াম, কপাৰ, মেগনেছিয়াম, মেংগানিজ, আইৰন আৰু পটাছিয়াম আদি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। ইয়াৰ উপৰি ভিটামিন-এ, বি-১, বি-২, বি-৩ আৰু ভিটামিন-‘চি’ৰ সমৃদ্ধ উৎস যদিও ইয়াত থকা আন কিছুমান উপাদানে বহু লোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 অধ্যয়নত দেখা গৈছে যে কুঁহিয়াৰৰ ৰসত পোৱা এবিধ ৰাসায়নিক পদাৰ্থৰ নাম পলিকোছানল, ইয়াক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে অনিদ্ৰা, পেটৰ অসুবিধা, মূৰ ঘূৰোৱা, মূৰৰ বিষ আৰু ওজন কমি যোৱাৰ সম্ভাৱনা থাকে। কিছুমান গৱেষণাৰ পৰা এইটোও প্ৰকাশ পাইছে যে কুঁহিয়াৰৰ ৰসে তেজ পাতল কৰি তেজত কলেষ্টেৰলৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। এনে অৱস্থাত এই ৰস সেৱন কৰাৰ আগতে ইয়াৰ সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ বিষয়েও জানি ল’ব লাগে। 

উল্লেখ্য যে, কুঁহিয়াৰৰ ৰস খোৱাৰ বহুতো উপকাৰিতা আছে যদিও কিছুমান গৱেষণাত কোৱা হৈছে যে ইয়াত কেলৰি আৰু চেনি মাত্ৰা অত্যধিক থাকে। গৱেষণাত পোহৰলৈ আহিছে যে কুঁহিয়াৰৰ ৰসত প্ৰায় ২৭০ কেলৰি থাকে, যত প্ৰায় ১০০ গ্ৰাম চেনি থাকে। এনে অৱস্থাত ইয়াৰ অধিক সেৱনৰ অভ্যাসে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কেলৰি আৰু চেনি দুয়োটা অতিৰিক্ত মেদবহুলতাৰ সৃষ্টি কৰে বুলি জনা যায় যদিও ইয়াৰ প্ৰমাণিত হ’বলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

 কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে অনিদ্ৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কুঁহিয়াৰৰ ৰসত পলিকোছানল পোৱা যায়। দীৰ্ঘদিন ধৰি এই ৰাসায়নিক যৌগ সেৱন কৰিলে টোপনিৰ বিসংগতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰি গৱেষণাৰ পৰা দেখা গৈছে যে পলিকোছানলে কলেষ্টেৰলৰ উৎপাদনো হ্ৰাস কৰে, যাৰ ফলত বেয়া কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

 উচ্চ ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰা লোকসকলে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে সমস্যা বৃদ্ধি পাব পাৰে। এই ৰসত থকা পলিকোছানলে স্বাভাৱিকতে তেজ পাতল কৰি তোলে। সেয়েহে ইয়াৰ অত্যধিক সেৱনে তেজ জমা হোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে।

 কুঁহিয়াৰৰ ৰসত চুক্ৰজ আৰু কেলৰি অধিক থাকে, গতিকে ইয়াক সেৱন কৰিলে তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ইয়াৰ বিপৰীতে কিছুমান গৱেষণাত দাবী কৰা হৈছে যে কুঁহিয়াৰত গ্লাইচেমিক ইনডেক্স কম কৰে। অধ্যয়নত স্পষ্টতাৰ অভাৱৰ বাবে যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে নিশ্চিতভাৱে কুঁহিয়াৰৰ ৰস সেৱন কৰা বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?