--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

জম্মু : দেশৰ নিৰাপত্তাৰ বাবে পুনৰ ভাবুকি সৃষ্টি কৰিছে পাক সন্ত্ৰাসবাদীয়ে। ভাৰতৰ সামৰিক ঘাটিক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ আশংকা এতিয়া হৈ পৰিছে তীব্ৰ। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে বৈৰী দেশখনে লৈছে নতুন কৌশল। এইবাৰ পাকিস্তানী ড্ৰোন ভাৰতৰ বাবে হৈ পৰিছে ভাবুকি। দেওবাৰে নিশাৰ ভাগত জম্মুত থকা সামৰিক ঘাটিৰ নিচেই সমীপত নিৰাপত্তাবাহিনীৰ দৃষ্টিগোচৰ হয় দুখনকৈ পাকিস্তানী ড্ৰোণ।

আৰু পঢ়িব পাৰিব : অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

ড্ৰোনকেইখন দেখাৰ লগে লগে ভাৰতীয় সেনাৰ জোৱানে গুলীবৰ্ষণ আৰম্ভ কৰে আৰু লগে লগে আঁতৰি যায় ড্ৰোণকেইখন। জম্মু বায়ুসেনাৰ ঘাটিত ড্ৰোণেৰে আক্ৰমণ চলোৱাৰ কেইঘণ্টামানৰ পাছতে সংঘটিত এই ঘটনাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। জম্মুৰ কালুচাক সামৰিক ঘাটিৰ সমীপতে এই ড্ৰোনকেইখন দৃষ্টিগোচৰ হৈছিল নিৰাপত্তাবাহিনীৰ জোৱানৰ। প্ৰথমখন নিশা ১১.৩০বজাত আৰু দ্বিতীয়খন ১.৩০বজাত ধৰা পেলায় সেনা জোৱানে। সামৰিক বাহিনীয়ে আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই ড্ৰোণৰ গতিবিধিৰ কথা প্ৰকাশ কৰে আৰু সমাৰিক বাহিনীয়ে এনে কূটকৌশল ধৰা পেলোৱাৰ পাছত সতৰ্ক হৈ পৰা বুলি প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : সন্ত্ৰাসবাদীৰ নৃশংসতা, কৰুণভাৱে নিঃশেষ আৰক্ষী বিষয়াৰ পৰিয়াল

ইয়াৰ পাছতে অঞ্চলটোত তালাচী অভিযানো আৰম্ভ কৰে সেনাই। জম্মু বায়ুসেনা ঘটিৰ সমীপত ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে এই গতিবিধি ধৰা পৰিছে। এই আক্ৰমণত বায়ুসেনাৰ দুগৰাকী জোৱান আহত হৈছিল। পাকিস্তানে পূৰ্বৰে পৰা ড্ৰোনৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাৰ কামো কৰি আহিছে সীমান্তৱৰ্তী অঞ্চলত। এতিয়া ড্ৰোনৰে আক্ৰমণ চলোৱাটো ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?