--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯ মহামাৰীৰ পাঁচ বছৰৰ পাছত চীনত হিউমেন মেটানিউমোভাইৰাছ (HMPV)ৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা অনুসৰি চিকিৎসালয়সমূহ আক্ৰান্ত লোকেৰে ভৰি থকাৰ লগতে শ্মশান স্থলীত অতিমাত্ৰা ভিৰ। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে চীনত ইনফ্লুৱেঞ্জা এ,এইচএমপিভি, মাইকোপ্লাজমা নিউমোনিয়া আৰু ক’ভিড-১৯কে ধৰি একাধিক ভাইৰাছ বিয়পি পৰিছে। আনকি চীনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বুলিও দাবী কৰা হৈছে যদিও ইয়াৰ কোনো আনুষ্ঠানিক নিশ্চয়তা নাই।

এইচএমপিভিৰ ফলত ফ্লুৰ দৰে লক্ষণ দেখা দিয়ে। এই ভাইৰাছে সাধাৰণতে ওপৰৰ শ্বাসনলীত প্ৰভাৱ পেলায় যদিও কেতিয়াবা তলৰ শ্বাসনলীৰ সংক্ৰমণ হ’ব পাৰে। শীতকাল আৰু বসন্তৰ আৰম্ভণিতে এইচএমপিভি বেছিকৈ দেখা যায়।

মানৱ মেটানিউমোভাইৰাছৰ লক্ষণ

এইচ এম পি ভিৰ লক্ষণসমূহ ফ্লু বা সাধাৰণ চৰ্দিৰ দৰেই। কাহ, হাঁচি বা সংক্ৰমিত ব্যক্তিৰ ব্যক্তিগত সংস্পৰ্শৰ জৰিয়তে ই আনলৈ বিয়পিব পাৰে। কিছুমান সাধাৰণ লক্ষণ হ’ল-

১)কাহ

২)জ্বৰ

৩)নাক বন্ধ

৪)ডিঙি বিষ

৫)উশাহ লোৱাত অসুবিধা হোৱা

সৰু ল’ৰা-ছোৱালী, বয়সস্থ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ এইচএমপিভিৰ পৰা গুৰুতৰ ৰোগ হোৱাৰ আশংকা বেছি।

প্ৰতিৰোধৰ পৰামৰ্শ

এই পদক্ষেপসমূহ অনুসৰণ কৰিলে আপুনি এইচএমপিভি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে:

১)হাত চাবোনেৰে কমেও ২০ ছেকেণ্ড ধুব লাগে যাতে সংক্ৰমণ বিয়পি নাযায়।

২) কাহ বা হাঁচি কৰোতে মুখ আৰু নাক ঢাকি ৰাখিব লাগে

৩) মাস্ক পৰিধান কৰাৰ কথা চিন্তা কৰি অসুস্থ লোকৰ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে

৪) হাত নোধোৱাকৈ চকু, নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক

৫) বেমাৰত থাকিলে নিজকে বিচ্ছিন্ন কৰি ৰাখক

বৰ্তমান HMPV প্ৰতিৰোধৰ বাবে কোনো নিৰ্দিষ্ট এন্টিভাইৰেল থেৰাপী বা ভেকচিন উপলব্ধ নহয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?