ৱাশ্বিংটন : ক’ভিড প্ৰতিষেধক লোৱাই নহয়, দেশবাসীক ক’ভিড প্ৰতিষেধক সম্পৰ্কত সজাগো কৰিলে এগৰাকী ৰাষ্ট্ৰনেতাই। তেওঁ আমেৰিকাৰ নৱ অভিষিক্ত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ। কোভিড-১৯ৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণ কৰে কমলা হেৰিছে।
আৰু পঢ়িব পাৰিব : কৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু
মঙলবাৰে টেলিভিচনত লাইভ এটা অনুষ্ঠানত এই প্ৰতিষেধকৰ দ্বিতীয়টো পালি গ্ৰহণ কৰে হেৰিছে। দেশখনৰ নেচনেল ইনষ্টিটিউট অব হেলথত এই প্ৰতিষেধক তেওঁৰ প্ৰদান কৰা হয়। প্ৰতিষেধক গ্ৰহণ কৰি প্ৰতিগৰাকী মাৰ্কিন নাগৰিককে প্ৰতিষেধক গ্ৰহণৰ আহ্বানো জনালে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !
প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ কয়, ‘মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে, যেতিয়া নিজৰ পাল আহিব তেতিয়া সকলোৱে যেন প্ৰতিষেধক গ্ৰহণ কৰে। কাৰণ ই আপোনালোকৰ জীৱন ৰক্ষা কৰিব।’ হেৰিছে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল ২৯ ডিচেম্বৰত। উল্লেখ্য যে, দেশখনত ডিচেম্বৰ মাহত দুটাকৈ কোভিড প্ৰতিষেধক প্ৰদানৰ অনুমোদন দিয়া হৈছে।