লাডাখ : দেশত নিৰ্মাণ হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত যান-বাহন চলাচল কৰিব পৰা পথ। ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেচন (বিআৰঅ’)-এ এই পথ নিৰ্মাণ কৰিছে। পূব লাডাখৰ ‘উমলিং লা পাছ’ত এই পথ নিৰ্মাণ চলিত সপ্তাহতে সম্পূৰ্ণ হৈ উঠিছে। ১৯,৩০০ ফুট উচ্চতাত নিৰ্মাণ হৈছে এই পথ।
বিআৰঅ’-এ ৫২ কিলোমিটাৰ দীঘল এই পথ নিৰ্মাণ কৰি দেশক নতুন গৰ্বৰ অধিকাৰী কৰালে। এই পথৰ জৰিয়তে ‘উমলিং লা পাছ’ৰ সৈতে পূব লাডাখৰ চুমাৰ ছেক্টৰৰ গুৰুত্বপূৰ্ণ চহৰবোৰ সংযু্ক্ত হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত এখন বিজ্ঞপ্তিত এই সম্পৰ্কে প্ৰকাশ কৰিছে যে, এই পথৰ জৰিয়তে স্থানীয় লোকসকল অতি উপকৃত হ’ব। লেহৰ পৰা চিছুমলে আৰু ডেমচোকলৈ প্ৰত্যক্ষ সংযোগ স্থাপন হোৱাৰ ফলত স্থানীয় লোকসকলৰ বিভিন্ন ক্ষেত্ৰত লাভ হ’ব। এই পথে অঞ্চলটোৰ সামাজিক-অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ লগতে লাডাখৰ পৰ্যটনৰো উন্নয়ন সাধিব।’