--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাস্তৱ ঘটানাৰ আধাৰত নিৰ্মিত হিন্দী ছবি ‘অগ্নি’ অতি শীঘ্ৰেই দৰ্শকৰ বাবে মুকলি হ’ব৷ ছবিখনৰ নিৰ্মাতা ৰাহুল ঢোলাকিয়াই কয় যে অগ্নিৰ কাহিনী এনে এটা কাহিনী যিটো প্ৰকাশ কৰিবলৈ তেওঁ বহু অপেক্ষা কৰি আছিল৷ তেওঁ আশা কৰিছে যে ছবিখনে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতি সন্মান জাগৰিত কৰাৰ লগতে প্ৰেৰণাদায়ক হ’ব, যিসকলে আনক বচাবলৈ নিজৰ জীৱন উৎসৰ্গা কৰি আহিছে।

‘পাৰ্জানিয়া’ আৰু ‘ৰেইছ’ৰ দৰে ছবিৰ বাবে পৰিচিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ আগন্তুক ছবি অগ্নিৰ কাহিনীৰ আধাৰ আমেৰিকাত সংঘটিত ঘটনাৰ ৯/১১ৰ স্মৃতিসৌধ৷ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে আমেৰিকাত থাকোঁতে তেওঁ ৯/১১ৰ স্মৃতিসৌধলৈ গৈছিল আৰু তাতেই তেওঁ অগ্নিনিৰ্বাপক বাহিনীৰ ফটো দেখিছিলো। তেতিয়াই এনে ধৰণৰ ছবি এখন নিৰ্মান কৰাৰ যাত্ৰা আৰম্ভ হৈছিল৷এই ছবিখনত প্ৰতীক গান্ধী, দিব্যেণ্ডু আৰু ছাইয়ামি খেৰৰ দৰে প্ৰতিভাশালী অভিনয় শিল্পীক দেখিবলৈ পোৱা যাব বুলি উল্লেখ কৰিছে৷ ইয়াৰোপৰি ছবিখনত ছাই তাম্হাংকৰ, জিতেন্দ্ৰ যোশী, উদিত অৰোৰা, আৰু কবীৰ শ্বাহেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন ছবি ‘অগ্নিৰ’ কাহিনী অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু এজন আৰক্ষীৰ ওপৰত নিবদ্ধ, যিয়ে চহৰখনত অগ্নি কাণ্ডৰ বৃদ্ধিৰ ৰহস্যজনক উত্থানৰ তদন্ত কৰি আছে।

ঢোলাকিয়াই কয় যে এই প্ৰকৃত নায়কসকলৰ এই প্ৰচেষ্টাক আমি, স্বীকৃতি দিয়াৰ সময় আহি পৰিছে।  ছবিখনত এটা শাৰী আছে, 'গলতি কিচি কি ভি হো জন হমাৰি জাতি হায়' অৰ্থাৎ দোষ যাৰেই  নহওক কিয় প্ৰাণ আমাৰে যায়। যিহেতু আমাৰ অসাৱধানতাৰ বাবেই অগ্নি কাণ্ড সংঘটিত হয়। আমি পুলিচ বা অন্য বাহিনীক যেনেকৈ সন্মান কৰো, আমি তেওঁলোকৰ প্ৰতিও একে সম্মন প্ৰদৰ্শন কৰিব লাগে৷

উল্লেখযোগ্য যে ঢোলাকিয়াই ‘অগ্নি’ৰ কাহিনীৰ গৱেষণা আৰু চিত্ৰনাট্যৰ বাবে তিনি বছৰ উচৰ্গা কৰিছিল আৰু তেওঁৰ ছবিখনত অগ্নিনিৰ্বাপক বাহিনীৰ চিত্ৰণত ৱাস্তৱ তথা সন্মানজনক দুয়োটা দিশ উন্মুচিত হোৱাটো নিশ্চিত কৰিছিল৷ ২০২২ চনৰ আগষ্ট মাহত ‘অগ্নি’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল আৰু কেইমাহমানৰ পিছতশেষ হৈছিল। 

৬ ডিচেম্বৰৰ পৰা প্ৰাইম ভিডিঅ’ত ষ্ট্ৰীমিং আৰম্ভ হ’ব বহু আপেক্ষিত ছবি ‘অগ্নি’।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?