--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাপ চাহ(Tea) আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবলৈ একাপ চাহেই যথেষ্ট। একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। চাহক এবিধ উপকাৰী পানীয় হিচাপে গণ্য কৰি অহা হৈছে। মানৱ জীৱনত লাল চাহ বা ৰঙা চাহৰ আছে বহু গুৰুত্বপূৰ্ণ ভূমিকা।


চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। চাহপাতত মজুত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেল’ৰি বৃদ্ধি পায়।



চাহ কাপৰ অবিহনে অসমীয়া বা ভাৰতীয় মানুহৰ ৰাতিপুৱাটোৱেই যেন আধৰুৱা। ঘৰলৈ আহিলে বা ক’ৰবালৈ ওলাই গলেও চাহ কাপৰ প্ৰয়োজনীয়তা আমি প্ৰতিপলে অনুভৱ কৰো। ৰঙা চাহত তেজপাত, আদা, ইলাচী, ডালচেনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।

আহকচোন জানো ৰঙা চাহ বা লাল চাহৰ উপকাৰিতাৰ বিষয়ে-

১)ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২)ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

৩)ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। 

৪)নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। 

৫)ৰঙা চাহে হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰে আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। 

৬)ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৭)নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।



৮)ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত  সহায় কৰে বুলি জনা যায়। 

৯)ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

১০)নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে। 

১১)ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়।

১২)হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে আৰু চুলিৰ ৰং উজ্জল কৰে।

১৩)চকুৰ গুৰি ক’লা পৰা সমস্যাত টি বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

১৪)লাল চাহ খালে মানসিক ৰোগ আৰু নাৰ্ভৰ ৰোগৰ পৰা আৰাম পোৱা যায়।

১৫)লাল চাহ খালে আমাৰ টোপনি ভাল হয়।

১৬) বতৰ পৰিবৰ্তনৰ সময়ত জ্বৰ, কাহ, চৰ্দি আদি হ'লে ৰঙা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক সেৱন কৰিবলৈ দিয়া হয়। এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধিৰ দৰে কাম কৰে।  

সেয়েহে একাপ লাল চাহেৰে সুন্দৰকৈ পুৱাটো উপভোগ কৰি সুস্থ হৈ থাকো আহক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?