--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আমৰোহা নয়দাৰ পৰা পোহৰলৈ আহিছে লাভ জেহাদৰ এক ভয়ংকৰ ঘটনা। আমৰোহাৰ নৌগাঁও সাদাত নিবাসী বিজেপি সংখ্যালঘু মৰ্চাৰ সদস্য হিচাপে পৰচিত তাবিশ আছঘৰ নামৰ মুছলমান যুৱকজনে হিন্দুৰ ভুৱা পৰিচয় দি ধ্বংস কৰে এগৰাকী হিন্দু যুৱতীৰ জীৱন। 

হিন্দু নাম লৈ হিন্দু ছোৱালীক বিয়া কৰাইছিল তাবিশ আছঘৰে। ইয়াৰ পিছত তেওঁ হিন্দু ছোৱালীজনীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। 

এটা ব্যৱসায়ী পৰিয়ালৰ হিন্দু ছোৱালীজনীক ফান্দত পেলোৱাৰ সমগ্ৰ ঘটনাত মুছলমান ল’ৰাটোৰ পৰিয়ালৰ লোকো জড়িত হৈ আছিল। পাহাৰৰ পৰা ঠেলি দি হিন্দু ছোৱালীজনীক আনকি হত্যা কৰাৰো চেষ্টা কৰা হৈছিল। এই সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতীগৰাকী। ইয়াৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি মুছলমান যুৱকজনক গ্ৰেপ্তাৰ কৰে।

এই গোটেই বিষয়টো নয়ডাৰ ১১৩ নং ছেক্টৰ থানাৰ। ২০২৪ চনৰ ৩ ডিচেম্বৰত ছোৱালীজনীয়ে থানাত এজাহাৰ দাখিল কৰে। ৪ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে যুৱকজনৰ সৈতে পৰিচয় হৈছিল যুৱতীগৰাকীৰ। ফেচবুক প্ৰফাইলত তেওঁৰ নাম আছিল বিশাল ৰাণা। ইয়াৰ পিছত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে। নিজকে বিশাল বুলি পৰিচয় দিয়া মুছলমান যুৱকজনে নিজকে হিন্দুৰ ৰাজপুত জাতিৰ বুলি পৰিচয় দি প্ৰেমৰ জালত আবদ্ধ কৰি ৰাখিছিল যুৱতীগৰাকীক। ২০২১ চনৰ ২০ ডিচেম্বৰত ভুক্তভোগী যুৱতীগৰাকী আৰু বিশাল ৰাণাৰ এংগেজমেণ্ট সম্পন্ন হৈছিল।

বিশালৰ ভাতৃও এই অনুষ্ঠানত উপস্থিত আছিল যিয়ে সেই সময়ত নিজৰ নাম বাসু ৰাণা বুলি কৈছিল। ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত গাজিয়াবাদৰ এটা বিবাহ ভৱনত হিন্দু ৰীতি-নীতি অনুসৰি ছোৱালীজনী আৰু বিশাল ৰাণাৰ বিবাহ সম্পন্ন হয়। এই বিবাহত ভুক্তভোগীৰ পৰিয়াল আৰু অন্যান্য আত্মীয়ও উপস্থিত আছিল। বিয়াৰ পিছত বিশাল আৰু হিন্দু ছোৱালীজনীয়ে একেলগে থাকিবলৈ আৰম্ভ কৰিলে। বিয়াৰ কিছুদিন পিছতে বিশাল ৰাণাই ছোৱালীজনীক কোৰ্ট মেৰেজ কৰাৰ কথা কয়। ইয়াৰ বাবে বিশাল ৰাণাই তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ লৈ গ’ল। বিশাল ৰাণাৰ প্ৰকৃত পৰিচয় ইয়াতেই ওলাই পৰে। 

ছোৱালীজনীয়ে ইয়াত কাগজ-পত্ৰবোৰ দেখি গম পালে যে তেওঁৰ নাম বিশাল ৰাণা নহয়, আচল নাম তাবিশ আজগৰ। তাতেই তেওঁ গম পালে যে এংগেজমেণ্টত বাসু ৰাণা বুলি পৰিচয় দিয়া যুৱকজনৰ নাম ৱাছিম। ​​ছোৱালীজনীয়ে এই বিষয়ে প্ৰশ্ন কৰাত তাবিশে ভৱিষ্যতৰ ভয় দেখুৱাই তেওঁক মৌন কৰি পেলালে। সত্য প্ৰকাশ পোৱাৰ পাছতেই তাবিশ আজগৰে ভুক্তভোগী যুৱতীগৰাকীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। লগতে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ভুক্তভোগী যুৱতীগৰাকী গৰ্ভৱতী হৈছিল তেতিয়া তাবিশে গৰ্ভপাত কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে বিচলিত হৈ মাতৃগৃহত থাকিবলৈ আৰম্ভ কৰে। কিছুদিন পিছত তাবিশে যুৱতীৰ মাতৃৰ ঘৰলৈ গৈ বহু কাতৰ অনুৰোধৰ অন্তত তেওঁক নিজৰ ওচৰলৈ লৈ আহে।

অভিযোগত কি ক’লে ভুক্তভোগী হিন্দু যুৱতীয়ে?

ভুক্তভোগী যুৱতীগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে কেইদিনমান ভালকৈ থকাৰ পাছত তাবিশে তেওঁক পুনৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। এই বিষয়ে ভুক্তভোগীয়ে আৰক্ষীক অৱগত কৰাত তাবিশে পলায়ন কৰে আৰু ভুক্তভোগী যুৱতীগৰাকীক অকলে এৰি থৈ যায় তাৰ পিছত ভুক্তভোগীয়ে নয়ডা আৰক্ষীত তাবিশৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। প্ৰায় ২০ দিনৰ ভিতৰতে আৰক্ষীয়ে তাবিশক উদ্ধাৰ কৰে। তাবিশে অনুনয় বিনয় কৰাত ভুক্তভোগী যুৱতীৰ অন্তৰখন কুমলি যায় আৰু তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহ’ল। ইফালে এবাৰ তেওঁ যুৱতীগৰাকীক পাহাৰৰ পৰা ঠেলি দি হত্যা কৰিবলৈও চেষ্টা কৰিছিল। এই সময়ছোৱাত ভুক্তভোগীৰ হাত আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগীয়ে এতিয়া তাবিশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষীয়ে তাবিশৰ বিৰুদ্ধে ৩২৩, ৩১৩, ৫০৬ ধাৰা আৰু ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। লাভ জেহাদৰ এই ঘটনাই গৰম কৰি ৰাখিছে উত্তৰ প্ৰদেশৰ পৰিৱেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?