--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই ৰোমান্টিক ‘লাভাৰ বয়’ হিচাপে অভিনয় কৰি আহিছে চুলবুল পাণ্ডে-ই। দীৰ্ঘদিন ধৰি এই পৰিচয়কে বুকুত কঢি়য়াই ফুৰিছে চুলবুল পাণ্ডে খ্যাত ছলমান খানে। ২০০৯ত এইজন ‘লাভাৰবয়’কে এটা নতুন গেটেপত দেখা গৈছিল। সেইবৰ্ষত মুক্তি পোৱা 'ৱান্টেড' ছবিখনে ছলমানৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। বলীউডত একচন চিনেমাত আৰক্ষীৰ ৰূপত নতুন অৱতাৰ ধাৰণ কৰিছিল ভাইজানে। এয়াই যি আৰম্ভণি। তাৰ পাছত আৰু বহুতো একচন ছবিত অভিনয় কৰিছে ছলমানে। কিন্তু আৰক্ষীৰ চৰিত্ৰৰ প্ৰতি দুৰ্বলতাই খেদি ফুৰিছিল তেওঁক। এই আপাহতে 'ডাবাং' নামৰ এখন চলচ্চিত্ৰও তেওঁৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা হৈছিল।

ছবিখনত 'চুলবুল পাণ্ডে'ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। কৌতুক-একচনৰ মিশ্ৰণেৰে পৰিপূৰ্ণ বহুল সমাদৃত এই চৰিত্ৰটোৱে দৰ্শকৰ হৃদয়ত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ‘চুলবুল পাণ্ডে’ৰ প্ৰেমত পৰাৰ পাছত ছলমানে ইতিমধ্যে ‘দাবাং’ৰ তিনিটা ছিকুৱেল নিৰ্মাণ কৰিছে। ইফালে পৰিচালক ৰোহিত চেট্টীয়ে এখন পুলিচ একচন চিনেমা নিৰ্মাণ কৰিবলৈ যুটি বান্ধিছে। তেওঁৰ প্ৰিয় পুলিচ চৰিত্ৰৰ তালিকাত আছে 'চুলবুল পাণ্ডে' আৰু অজয় দেৱগন অভিনীত 'সিংঘম' ।


ৰোহিত চেট্টীয়ে দুয়োজনৰ সংমিশ্ৰণত আন এটা নতুন কেমিঅ'ৰ জন্ম দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰস্তাৱটো ছলমানৰ ওচৰলৈ লৈ গৈছিল ৰোহিতে। বলীউড ভাইজানে ৰোহিতৰ প্ৰস্তাৱৰ প্ৰতি আগবঢ়াইছে পূৰ্ণ সমৰ্থন।ভৱিষ্যতে তেওঁৰ পুলিচ একচন চিনেমাত অভিনয় কৰিব বুলি ছনমান খানে ৰোহিত চেট্টীক আশ্বাস দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে, ৰোহিত বৰ্তমান তেওঁৰ শেহতীয়া পুলিচ একচন ছবি 'সূৰ্যবংশী'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছবিখনত আৰক্ষী চৰিত্ৰত দেখিবলৈ পোৱা যাৱ অক্ষয় কুমাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?