--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়নৰ বিৰুদ্ধে দাখিল কৰা আবেদনক লৈ প্ৰশ্ন উত্থাপন উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ। আদালতে প্ৰশ্ন কৰে, যদি অবিবাহিত দম্পতীয়ে নিৰ্লজ্জভাৱে জীৱন কটাব পাৰে, তেন্তে পঞ্জীয়ন কেনেকৈ গোপনীয়তা উলংঘা হ'ল? আবেদনকাৰীসকলে লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন তেওঁলোকৰ গোপনীয়তাৰ উলংঘন বুলি কৈছিল। ১ এপ্ৰিলত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে।

ৰাজ্যখনৰ ইউনিফৰ্ম চিভিল কোডৰ অধীনত লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰে যে যেতিয়া প্ৰেমিক-প্ৰেমিকাই বিবাহ অবিহনে নিৰ্লজ্জভাৱে একেলগে বাস কৰি আছে, তেনেহ'লে পঞ্জীয়নে তেওঁলোকৰ গোপনীয়তা কেনেকৈ উলংঘা কৰিছে?

আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰ আৰু ন্যায়াধীশ আলোক মেহৰাৰ বিচাৰপীঠে কয়, "আপুনি সমাজত বাস কৰি আছে, হাবিৰ কোনো দুৰ্গম গুহাত বাস কৰি থকা নাই। ওচৰ-চুবুৰীয়াৰ পৰা সমাজলৈকে, লগতে আপোনাৰ আপোন মানুহ, বন্ধু-বান্ধৱ সকলোৱে দেখি আছে যে আপুনি বিবাহ নকৰোৱাকৈয়ে একেলগে বাস কৰি আছে তেন্তে লিভ-ইন ৰিলেচনৰ পঞ্জীয়নে আপোনাৰ গোপনীয়তাক কেনেকৈ খৰ্ব কৰিব পাৰে?"

আবেদনকাৰীসকলে আদালতত যুক্তি দিছিল যে বাধ্যতামূলক পঞ্জীয়নৰ ব্যৱস্থাটোৱে তেওঁলোকৰ গোপনীয়তাক উলংঘন কৰিব আৰু যদি তেওঁলোকে পঞ্জীয়ন নকৰে তেন্তে তেওঁলোকে জে’ল বা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। তেওঁলোকে কয় যে আমাৰ মাজত বহুতো আন্তঃধৰ্মীয় অবিবাহিত দম্পতীও আছে, যাৰবাবে তেওঁলোকে সমাজত জীয়াই থকা আৰু সম্পৰ্ক পঞ্জীয়ন কৰাটো কঠিন হৈ পৰে।

উল্লেখ্য যে পিআইএল আৰু অন্যান্য আবেদন সন্দৰ্ভত আদালতে নিৰ্দেশ দিছিল যে ইউচিচিত অসন্তুষ্ট লোকসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।

আবেদনকাৰীৰ অধিবক্তা অভিজয় নেগীয়ে কয় যে আমি ভাৰতত দেখিছো যে কিছুমান আন্তঃধৰ্মীয় দম্পতীৰ কি অৱস্থা হৈছে। আলমোৰা জিলাত জগদীশ নামৰ এজন যুৱকক কেৱল আন্তঃধৰ্মীয় দম্পতী হোৱাৰ বাবেই হত্যা কৰা হৈছিল।

এতিয়া আদালতে ১ এপ্ৰিলত আন অনুৰূপ আবেদনৰ লগতে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব। আদালতৰ এই পদক্ষেপে ৰাজ্যখনৰ বিতৰ্কিত ইউচিচিক কেন্দ্ৰ কৰি চলি থকা ৰাজহুৱা আলোচনাক আৰু অধিক উত্তপ্ত কৰি তুলিছে। আগন্তুক শুনানিত কি কি নতুন যুক্তি আগবঢ়াব আৰু ইয়াৰ ফলাফল কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?