ডিজিটেল ডেস্কঃ লিভাৰ মানৱ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যিয়ে শৰীৰৰ বহুতো কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যেনে বিপাকীয় ক্ৰিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা, হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা, ভিটামিন সংৰক্ষণ আদি। সামগ্ৰিক স্বাস্থ্যৰ বাবে লিভাৰ সুস্থ হৈ থকাতো অতি গুৰুত্বপূৰ্ণ। অস্বাস্থ্যকৰ লিভাৰ থাকিলে শৰীৰৰ গুৰুতৰ অৱস্থা হ’ব পাৰে। সেয়ে শৰীৰক সুস্থ কৰি ৰাখিবলৈ লিভাৰক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়।
লিভাৰ সুস্থ কৰি ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৫ টা বস্তু
১) ফল-মূলঃ লিভাৰ সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন খাদ্যত ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। এইবোৰত এণ্টিঅক্সিডেণ্ট, ভিটামিন, আৰু আঁহ থাকে যাতে আপোনাৰ লিভাৰ সুস্থ কৰি ৰাখে। বিশেষকৈ ছাইট্ৰাছ ফল নিয়মিতভাৱে খালে লিভাৰৰ প্ৰদাহ কমি যায় আৰু বিষমুক্তকৰণৰ উন্নতি হয়।
বিশেষকৈ আঙুৰত এণ্টিঅক্সিডেণ্ট বেছি থাকে যিবোৰ প্ৰদাহ কমোৱাৰ বাবে আৰু আপোনাৰ লিভাৰক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে অতি উত্তম।
২) গোটা শস্য: ইয়াত আঁহ থাকে যিয়ে পাচনত সহায় কৰে আৰু লিভাৰক সুস্থ কৰি ৰাখে। গতিকে সকলোৱে ব্ৰাউন ৰাইচ, অটচ, কুইনোয়া, বাৰ্লি আদি গোটা শস্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।
৩) দাইল: ইয়াত প্ৰটিন আৰু আঁহ থাকে। গতিকে মগু দাইল, বুট দাইল আৰু মছুৰ দাইল আদি বস্তু লিভাৰৰ বাবে স্বাস্থ্যকৰ।
৪) বাদাম আৰু বীজ: এইবোৰত স্বাস্থ্যকৰ চৰ্বি আৰু এণ্টিঅক্সিডেণ্ট থাকে। খাদ্যত বাদাম আৰু গুটি যেনে আলমণ্ড, আখৰোট, চিয়া বীজ নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক।
৫) গ্ৰীণ টি: গৱেষণাৰ মতে গ্ৰীণ টিত এণ্টিঅক্সিডেণ্ট থকাৰ বাবে লিভাৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে। বিশেষকৈ এপিগালোকেটেচিন গেলেট (EGCG)ৰ দৰে কেটেচিন যিয়ে লিভাৰৰ ক্ষতি ৰক্ষা কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে, আৰু চৰ্বিযুক্ত লিভাৰৰ ৰোগ আৰু লিভাৰৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।