--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কৰ্ণাটক : দেশজুৰি কৰ’নাৰ সংহাৰী ৰূপ।লকডাউনত স্তব্ধ কেইবাখনো ৰাজ্য। বেলাগামতো পৰিস্থিতি ভয়াৱহ। কেন্দ্রৰ প্ৰতি আহ্বান জনাই এইবাৰ লকডাউনক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ। মঙলবাৰে টুইটাযোগে কংগ্রেছ নেতাজনে সদৰি কৰিছে, 'ভাৰত চৰকাৰে এই কথা নুবুজে যে,কৰ’না সংক্রমণ ৰোধৰ একমাত্র পথ এতিয়া সম্পূর্ণ লকডাউন।' ন্যূনতম আয়ৰ প্ৰতি দৃষ্টিৰ ৰাখি লকডাউন ঘোষাণাৰ বাবে আহ্বান ৰাহুল গান্ধীৰ।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ, অনাকাংক্ষিত অভিলেখ ডিব্ৰুগড় জিলাৰ


কৰ’নাৰ দ্বিতীয় ঢৌত সংক্রমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পোৱাৰ পাছতো লকডাউন দিয়া নহ’ব বুলি কেন্দ্র চৰকাৰে বাৰম্বাৰ আশ্বস্ত কৰিছিল। দেশবাসীক উদ্দেশ্যি ভাষণ দিওঁতে প্রধানমন্ত্রী নৰেন্দ্র মোদী সদৰি কৰিছিল যে, লকডাউনৰ কবলৰ পৰা দেশখন ৰক্ষা কৰিব লাগিব। সেইবাবে ৰাজ্যসমূহক লকডাউনকে শেষ অস্ত্র হিচাপে ব্যৱহাৰৰ পৰামর্শ প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। এতিয়া লকডাউনৰে পোষকতা কৰিছে চিকিৎসক-বিশেষজ্ঞ সকলে। দৈনিক সংক্রমণৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পালেও মৃত্যুৰ সংখ্যাই ক্রমাৎ উদ্বেগ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়িব পাৰিব : স্থগিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা !

বিগত ২৪ ঘণ্টাত ভাৰতবৰ্ষত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৩ লাখ ৫৭ হাজাৰ ২৯ জন। এদিনতে দেশত কৰ’নাই প্রাণ কাঢ়িছে ৩ হাজাৰ ৪৪৯ জনৰ। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩ লাখ ২০ হাজাৰ ২৮৯ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ ক’ভিড আক্রান্ত সংখ্যা ২ কোটি ২ লাখ ৮২ হাজাৰ ৮৩৩জন। সুস্থ হৈ উঠিছে ১ কোটি ৬৬ লাখ ১৩ হাজাৰ ২৯২জন। ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ২ লাখ ২২ হাজাৰ ৪০৮জনৰ। এই মুহূর্তলৈকে দেশত ক’ভিড পজিটিভ ৰোগীৰ মুঠ সংখ্যা ৩৪ লাখ ৪৭ হাজাৰ ১৩৩জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?