--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰী, তেন্তে এই খবৰটোৱে আপোনাক সুখী কৰি তুলিব। কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলাই থকা প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনা সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। নৱৰাত্ৰিৰ সময়ত সমগ্ৰ দেশৰ ৯ কোটি কৃষকৰ বেংক একাউণ্টলৈ চৰকাৰে ২০০০ টকা ট্ৰেন্সফাৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৮তম কিস্তিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।





প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ৱেবছাইট অনুসৰি অহা ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ বাবে ১৮ সংখ্যক কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ কৃষকসকলক কেন্দ্ৰীয় চৰকাৰে বছৰি ছয় হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ ডিবিটিৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হয়। এই কিস্তি কৃষকক ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত দিয়া হয়।


PM Kisan Samman Nidhi Yojana to PM Fasal Bima Yojana: List of Schemes  Announced For Farmers

২০১৯ চনত চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। আঁচনিৰ অধীনত লাভ কৰা ধন পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। পি এম কিষাণৰ সকলো হিতাধিকাৰী কৃষকে ই-কেৱাইচিৰ সম্পন্ন কৰাটো প্ৰয়োজনীয়। ই-কেৱাইচিৰ জৰিয়তে আপোনাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছতহে এই ধন আপোনাৰ একাউণ্টলৈ আহিব। আপুনি অনলাইনত অ’টিপিৰ জৰিয়তে বা যিকোনো চিএছচি চেণ্টাৰলৈ গৈ আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে নিজকে চিনাক্ত কৰিব পাৰে।


যিসকল লোকৰ পিএম কিষাণৰ ই-কেৱাইচি নাই তেওঁলোকে আঁচনিৰ সুবিধা লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ জৰিয়তে অ’টিপিৰ ৰ সহায়ত PM Kisan Portal ত গৈ ই-কেৱাইচিৰ সম্পূৰ্ণ কৰিব পাৰিব। যদি এনে নহয়, তেন্তে আপুনি ওচৰৰ কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি)লৈ গৈও ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰে।




প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনাৰ সমগ্ৰ ব্যৱস্থা চৰকাৰ আৰু কৃষকৰ মাজত। ইয়াত পুঁজি মুকলি কৰাৰ পিছত চৰকাৰে বেংকৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে। ইয়াৰ পূৰ্বে জুলাই মাহত চৰকাৰে এই আঁচনিৰ সপ্তদশ কিস্তি মুকলি কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?