--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ মহান কণ্ঠ শ্লিল্পী সকলৰ ভিতৰত অন্যতম এগৰাকী লতা মংগেশকাৰ৷ যাৰ চিৰসেউজ কণ্ঠই প্ৰতিটো প্ৰজন্মকে আলোড়িত কৰি ৰাখিছে৷ যাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল সংগীতে আৰু যি কণ্ঠই প্ৰতিগৰাকী সংগীত প্ৰেমিৰ হৃদয়ত তুলিছিল সেই চিৰসেউজ গীতৰ ঝংকাৰ৷ কিংবদন্তি গায়িকা তথা ভাৰতৰত্ন বঁটা বিজয়ী কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল। কণ্ঠ শিল্পী গৰাকীৰ আজিৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে৷

তেওঁ ছয়ত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীত কণ্ঠদান কৰৰা লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত কণ্ঠ নিগৰাইছিল। তেওঁৰ কণ্ঠ দান কৰা প্ৰতিটো গানেই হৈ পৰিছিল চিৰসেউজ৷ আহকচোন তেওঁৰ সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল আৰু তেওঁৰ সফলতাৰ বিষয়ে আলোকপাত কৰোঁ৷

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত মংগেশকাৰক এটা গীত গাবলৈ সুযোগ প্ৰদান কৰিছিল।  ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ গীতে সমাদৰ লাভ কৰে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৰ পৰা মংগেশকাৰে জিনপ্ৰিয়তা    অৰ্জন কৰিছিল। ইয়াৰ পিছৰ খিনি ইতিহাস...ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে সমাদৃত লতা মংগেশকাৰৰ কণ্ঠ। যাৰ বাবে তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়। 

তেওঁ সংগীত জগতলৈ আগবঢ়োৱা আৱদানৰ স্বীকৃতি হিচাপে ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ১৯৬৯ ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ, ১৯৯৯ চত পদ্মবিভূষণ বঁটা আৰু ২০০১ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল। ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।

তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?