--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত 'দেৱী গংগা'ক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পূজা-অর্চনা আগবঢ়োৱাৰ কেইঘণ্টামানৰ পাছতেই বৃহস্পতিবাৰে মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই। 

কংগ্ৰেছৰ মুৰব্বীজনে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখনে গংগা নদীখনক পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে 'মা গংগা'ক কেৱল 'প্ৰৱঞ্চনা'হে কৰি আহিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত থকা মোক্ষ মন্দিৰত মোদীয়ে পূজা-অর্চনা আগবঢ়ায়। দেৱী গংগাৰ নামত উৎসর্গিত গংগোেত্ৰী মন্দিৰৰ দিশত এই মোক্ষ মন্দিৰটো অৱস্থিত। প্রতিবছৰে গংগোত্ৰী ধামৰ পৰা মোক্ষ মন্দিৰলৈ শীতকালৰ বাবে দেৱী গংগাৰ মূৰ্তি স্থানান্তৰ কৰা হয়। 

কংগ্ৰেছৰ সভাপতি খর্গেই মোদীক কটাক্ষ কৰি 'এক্স'ত কয়, ''মোদীয়ে সদায় তেওঁক মা গংগাই মাতিছে বুলি কয়, কিন্তু সত্য কথাটো হৈছে যে গংগা পৰিষ্কাৰকৰণৰ দিশত মোদীয়ে দিয়া গেৰাণ্টী তেওঁ পাহৰিলে।' গংগা পৰিষ্কাৰকৰণৰ আঁচনিক পাহৰিলে মোদীয়ে৷'' 

উল্লেখযোগ্য যে ২০২৬ চনৰ ভিতৰত ব্যৱহৃত হ'বলগীয়াকৈ প্রায় ১১ বছৰ পূৰ্বে ৪২,৫০০ কোটি টকা ব্যয়সাপেক্ষ নমামী গংগা আঁচনি মুকলি কৰা হৈছিল, কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে এই আঁচনিৰ বাবে ধাৰ্য কৰা ১৯,২৭১ কোটি টকাহে খৰচ কৰা হৈছে বুলি খর্গেই কয়। মোদী চৰকাৰে 'মা গংগা'ৰ প্রতি অনীহা প্রকাশ কৰিছে বুলি খর্গেই অভিযোগ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?