--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাৰাঠা কোটাৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷ মুখ্যমন্ত্ৰী একনাথ সিন্দেই আজি তেওঁৰ চৰকাৰে ৰাজ্যজোৰা প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনোৱা এক সৰ্বদলীয় বৈঠকৰ পাছত মাৰাঠা কোঠাৰ পক্ষত মত প্ৰকাশ কৰিছে৷

সৰ্বদলীয় বৈঠকত নেতাসকলে কোটাপন্থী কৰ্মী মনোজ জাৰাঞ্জে পাটিলক তেওঁৰ অনিৰ্দিষ্টকালৰ অনশন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱো গৃহীত কৰে। ইয়াত সিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে শিবিৰৰ নেতা অনিল পাৰাব আৰু বিধায়িনী সদনৰ বিৰোধী দলৰ নেতাই স্বাক্ষৰ কৰিছিল৷

সৰ্বদলীয় বৈঠক সমাপ্ত হোৱাৰ লগে লগে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে ৰাজ্য চৰকাৰ সংৰক্ষণৰ পক্ষত আছে৷ সমাজকৰ্মী জাৰাঞ্জে মাৰাঠা সম্প্ৰদায়ৰ বাবে কোটা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযোগিতা কৰা উচিত বুলি মুখ্যমন্ত্ৰী সিন্দেই সদৰী কৰে৷

তেওঁ কয় যে মাৰাঠাসকলে সংযম ৰক্ষা কৰি সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে আইনী পদ্ধতিৰ বাবে চৰকাৰক সময় দিয়া প্ৰয়োজন।

এই প্ৰস্তাৱত মুখ্যমন্ত্ৰী সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, এনচিপিৰ সভাপতি শাৰদ পাৱাৰ, শিৱসেনা (ইউবিটি)ৰ নেতা অনিল পাৰাব, মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা বিজয় ৱাডেট্টিৱাৰ, বিধান পৰিষদৰ এলঅ’পি অম্বাদাস দানৱেৰ লগতে অন্যান্যসকলে স্বাক্ষৰ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?