--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৭ মে'ৰ নিশা ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিৰ ৯ ঠাইত 'অপাৰেশ্যন সেন্দুৰ' চলাই সন্ত্রাসবাদীৰ ঘাটিবোৰ তচনচ কৰাৰ পাছতেই পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। 

ইয়াৰ পাছতেই পাকিস্তানে যুদ্ধবিবতি চুক্তি ভংগ কৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন ঠাইত আক্রমণ কৰে। ভাৰতেও পাকিস্তানক কঠোৰ প্রত্যুত্তৰ দি পাকিস্তানৰ বিভিন্ন গুৰুত্বপূর্ণ চহৰৰ আন্তঃগাঁথনিবোৰত আক্রমণ চলায়। পাকিস্তানৰ বিভিন্ন ঠাইত ভাৰতে প্রত্যাক্ৰমণ কৰি ড্ৰনেৰে আক্ৰমণ চলোৱাৰ এদিনৰ পাছতেই পাকিস্তানী সংসদৰ অধিৱেশনত ভাষণ দি শুকুৰবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খাবাজা আছিফে অতি আশ্চর্যজনক মন্তব্য কৰে। 

প্ৰতিৰক্ষা মন্ত্রীজনে কয় যে পাকিস্তানৰ মাদ্ৰাছাসমূহত অধ্যয়ন কৰি থকা শিক্ষার্থীসমূহক দেশখনৰ প্ৰতিৰক্ষাৰ বাবে দ্বিতীয় পৰ্যায়ৰ সেনা হিচাপে (ছেকেণ্ড লাইন অব্ ডিফেন্স) প্ৰস্তুত কৰা হৈছে। যেতিয়া সময় আহিব মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলক দেশখনৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত কৰা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে কয়। খাৱাজা আছিফে কয় যে যেতিয়ালৈকে দেশখনত মাদ্রাছা আৰু মাদ্ৰাছাৰ ছাত্ৰ থাকিব, তেতিয়ালৈকে পাকিস্তানৰ 'দ্বিতীয় পৰ্যায়ৰ প্ৰতিৰক্ষা'ত কোনো সন্দেহৰ অৱস্থাত নাথাকে। যুৱকসকলে এতিয়া অধ্যয়ন কৰি আছে, প্রয়োজন অনুসৰি তেওঁলোকক ১০০ শতাংশ হিচাপে দেশৰ প্ৰতিৰক্ষা কাৰ্যত নিয়োজিত কৰা হ'ব বুলি মন্ত্রী আছিফে কয়। 

আছিফে এই মন্তব্য কৰিবলৈ বাধ্য হৈছে কাৰণ পাকিস্তানৰ প্ৰায় ২৫০০ সেনাই ইতিমধ্যে সামৰিক বাহিনীৰ পৰা অব্যাহতি লৈছে। তদুপৰি পাকিস্তানৰ বৃহৎ সংখ্যক সেনাৰ জোৱান বেলুচ লিবাৰেশ্যন আৰ্মিৰ বিৰুদ্ধে বেলুচিস্তানত নিয়োজিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পাকিস্তানী সৈন্যবল যথেষ্ট হ্রাস পাইছে। ইয়াৰ পাছতেই দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফৰ এই মন্তব্যই যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?