--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি সংসাৰৰ যাত্ৰা আৰম্ভ কৰিবলৈ নৌ পাওঁতেই দৰাৰ মৃত্যু। বিয়াৰ ৮ দিনৰ দিনা মৃত্যুক সাবটিলে দৰাই। উত্তৰ প্ৰদেশৰ ঝান্সীত ঘটিছে এই কৰুণ ঘটনা। 

বিয়াৰ সাতদিন পিছতে ৰে’লে খুন্দা মৰাৰ ফলত দৰাজনৰ মৃত্যু হয়। ঝান্সী-কানপুৰ ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আত্মহত্যাৰ সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, যুৱকজনে দোকানলৈ যাম বুলি কৈ ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু ইয়াৰ পিছত তেওঁ ঘূৰি নাহিল। তেওঁৰ মোবাইলটোও চুইচ অফ হৈ আছিল।

সমগ্ৰ ঘটনাটো ঝান্সী জিলাৰ মান্থ থানা এলেকাৰ ভৰোছা গাঁৱৰ। ২১ বছৰীয়া শিৱম আহিৰৱাৰ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ আছিল। তেওঁৰ ডাঙৰ বায়েক সংগীতাৰ বিয়া হৈছে। দেউতাকে খেতি কৰে।

মৃতকৰ খুড়াক জয়প্ৰকাশে জনোৱা মতে, শিৱমে পানীপুৰীৰ কাম কৰিছিল। ১১ ডিচেম্বৰত দতিয়াৰ কালিপুৰা গাঁৱৰ বাসিন্দা কাজলৰ সৈতে তেওঁৰ বিবাহ হয়। বোৱাৰীজনী বিয়াৰ পিছত ঘৰত আছিল। ঘৰখনত সুখৰ পৰিবেশ বিৰাজ কৰিছিল। সকলো আনন্দত আছিল। কিন্তু বুধবাৰে পুৱা প্ৰায় ৯ বজাত শিৱমে দোকানৰ পৰা কিবা বস্তু আনিম বুলি ঘৰৰ পৰা ওলাই আহিল, আৰু তাৰ পিছত উভতি নাহিল। তেওঁৰ মোবাইলটো চুইচ অফ হৈ গ’ল।

সন্দেহ হোৱাৰ লগে লগে তেওঁৰ সন্ধান আৰম্ভ কৰা হয়। বিয়লি ৰে’লপথৰ সমীপত এজন যুৱকৰ মৃতদেহ পৰি থকা বুলি তথ্য লাভ কৰে পৰিয়ালে। মৃতদেহটো শিৱমৰ বুলি চিনাক্ত কৰা হয়। তথ্য পোৱাৰ লগে লগে পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়। নৱবিবাহিত কইনা কাজল অচেতন হৈ পৰিল। 

সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?