--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুল : তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে লাখ লাখ আধুনিক মনস্ক আফগানৰ সপোন থানবান হৈছিল। চৰম হতাশাত ভুগিছিল আফগানিস্তানৰ ৰাষ্ট্রীয় যুৱ ফুটবল দলৰ এজন খেলুৱৈ জাকি আনভাৰিয়েঅ’। ক্ৰীড়াবিৰোধী তালিবানৰ শাসনত ভৱিষ্যতে ফুটবল খেলিবলৈ নাপাব বুলি নিশ্চিত হৈ পৰিছিল ১৭ বছৰীয়া জাকি। সোমবাৰে জাকিয়ে মাৰ্কিন বিমানত উঠি আফগানিস্তান ত্যাগ কৰিবৰ কাবুল বিমান বন্দৰত উপস্থিত হৈছিলগৈ।

কিন্তু কাবুল ত্যাগ কৰিব বিচৰা হাজাৰ হাজাৰ নাগৰিকৰ ভিৰত মাৰ্কিন চি-১৭ বিমানত উঠিব নোৱাৰিলে জাকিয়ে। তালিবানৰ আতংকত ইতিমধ্যে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল খেলুৱৈজনে। সেয়ে বিমানৰ চকাৰ ওপৰৰ অংশত ধৰি যাত্ৰা কৰিবলৈ গৈছিল জাকি। বিমানৰ চকাত উঠি যাত্ৰা কৰাতো এজন মানুহৰ বাবে যে অসম্ভৱ জাকিয়ে পাহৰি পেলাইছিল।

বিশাল চি-১৭খন আকাশত উৰাৰ কিছুসময়ৰ পাছতেই তললৈ সৰি পৰিছিল জাকি। বহু উচ্চতাৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি লৈছিল ফুটবলাৰজনে। ফুটবলক লৈ সপোন থানবান হোৱা জাকিৰৰ জীৱনো চূৰ্ণ-বিচূৰ্ণ হৈছিল। আফগান ফুটবলাৰ জাকিৰৰ ট্ৰেজেদিয়ে এতিয়া শোকাহত কৰিছে বিশ্বৰ ক্ৰীড়াপ্ৰেমীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?