--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ৰবিনা টেণ্ডনৰ এটা ভিডিঅ’। দেখা গৈছে যে  ৰবিনাৰ বিৰুদ্ধে তেওঁৰ গাড়ীয়ে পথচাৰীক খুন্দা মৰাৰ অভিযোগত বহুতো মানুহে ঘেৰি ধৰিছে। কেৱল সেয়াই নহয়, ৰবিনাৰ বিৰুদ্ধেও মাৰপিটৰ এজাহাৰ দাখিল কৰা হয়। অভিযোগ অনুসৰি, মদ্যপানৰ অৱস্থাতেই অভিনেত্ৰীগৰাকীয়ে পথচাৰীৰ সৈতে কাজিয়া কৰে।

এজন এক্স হেণ্ডেল ব্যৱহাৰকাৰীয়ে এই ঘটনাৰ ভিডিঅ’ পোষ্ট কৰে। এইবাৰ তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে অভিনেত্ৰীগৰাকীয়ে।

ভিডিঅ’টো বনাইছিল মহচিন শ্বেখ নামৰ এজন ব্যক্তিয়ে। তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰবিনা। অভিনেত্ৰীগৰাকীৰ অধিবক্তা বিগ বছৰ খ্যাতি সানা ৰায়ছ খানে কয় যে কিছুদিন পূৰ্বে ৰবিনাৰ বিৰুদ্ধে কেইবাটাও মিছা অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সমগ্ৰ ঘটনা অঞ্চলটোৰ চিচিটিভি ফুটেজত স্পষ্ট হৈ পৰিছে। X হেণ্ডেলত শ্বেয়াৰ কৰা ভিডিঅ’টো বিভ্ৰান্তিকৰ আৰু অসত্য।

এই ঘটনাৰ ভিডিঅ’ ফুটেজ ইণ্টাৰনেটত বিয়পি পৰে। পথচাৰীসকলে ৰবিনাৰ বিৰুদ্ধেও থানাত এজাহাৰ দাখিল কৰে। অৱশ্যে মুম্বাই আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ৰবিনাৰ গাড়ীখনে কাকো একেবাৰেই খুন্দা মৰা নাছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে দাবী কৰিছে যে ৰবিনাৰ গাড়ীৰ চালকে তেওঁৰ মাতৃক খুন্দা মাৰে। প্ৰতিবাদ কৰিলে ৰবিনাই সিহঁতক মাৰপিট কৰিবলৈ ধৰিলে। অৱশ্যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ৰবিনাক ক্লিয়াৰেন্স দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?