--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়কৈ টেলিভিছন, ছবি আৰু অ’টিটি প্লেটফৰ্মৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত অভিনেতা ৰাম কাপুৰৰ ব্যাপক শাৰীৰিক ৰূপান্তৰে অনুৰাগীসকলক আচৰিত কৰি তুলিছে। অভিনেতাগৰাকীৰ আকৰ্ষণীয় ৰূপ সামাজিক মাধ্যমত প্ৰকাশ কৰা পাছত প্ৰথম অৱস্থাত অনুৰাগী সকলে চিনিব পৰা নাছিল৷ 

প্ৰায় তিনিমাহ ধৰি ছ’চিয়েল মিডিয়াত নিষ্ক্ৰিয় হৈ থকাৰ পাছত অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ নিজৰ নতুন ফটো পোষ্ট কৰে৷ ছবিখনত তেওঁৰ ওজন হ্ৰাসৰ পাছৰ ৰূপান্তৰ স্পষ্ট হৈ পৰিছে৷ তেওঁ ৫১ বছৰ বয়সত ৪২ কিলো ওজন কমাই এক সুঠাম শৰীৰৰ অধিকাৰি হৈছে৷ সামাজিক মাধ্যমত ফটোবোৰ প্ৰকাশ কৰা পাছত ভাইৰেল হৈ পৰিছে অভিনেতা গৰাকীৰ নতুন ৰূপ৷

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে অভিনেতা গৰাকীয়ে ২০১৯ চনত তেওঁ মাত্ৰ ৭ মাহৰ ভিতৰত ৩০ কিলোগ্ৰাম ওজন কমাই চৰ্চালৈ আহিছিল। 

ৰাম কাপুৰ টেলিভিছনত সম্প্ৰচাৰিত বড়ে আচ্ছে লাগতে হায়, কাছাম ছে, আদি ধাৰাবাহিকৰ জৰিয়তে পৰিচিত হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁ হামছকলছ, বাৰ বাৰ দেখ’, ষ্টুডেণ্ট অৱ দ্য ইয়েৰ, থাপ্পাড়, দ্য বিগ বুল, নীয়ত আদিকে ধৰি কেইবাখনো চিনেমাতো অভিনয় কৰিছে।

ইয়াৰ উপৰিও তেওঁ ৱেব শ্ব’ জুবিলী, মাছাবা মাছাবা, খালবালি ৰেকৰ্ডছ, আৰু হিউমেন আদিতো অভিনয় কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?