--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশত পিয়াজৰ হাৰ কম হোৱাৰ বাবে  চকুলো টুকিছে কৃষকে।  দাম ইমানেই কম হৈ গৈ আছে যে আনকি খেতিৰ পৰিবহণৰ খৰচো‌ ওলোৱা নাই। চাজাপুৰৰ বজাৰত কৃষকৰ পৰা মাত্ৰ ২ টকাত ৩০০ কেজি পিঁয়াজ কিনাত কৃষকসকলৰ সৰগ ভাঙি পৰা সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কংগ্ৰেছে শিৱৰাজ চৰকাৰক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দেৱাস জিলাৰ গাঁৱৰ ভূদানীৰ কৃষক জয়ৰামে যোৱা ২২ ছেপ্টেম্বৰত ৬ বেগ পিয়াজ বিক্ৰী কৰিবলৈ আগবাঢ়িছিল। য'ত আছিল প্ৰায় ৩০০ কেজি পিয়াজ। প্ৰতি কেজি পিয়াজ ৮০ পইচাৰ পৰা ১.২৫ টকালৈ ক্ৰয় কৰা হৈছিল। এইদৰে মুঠ মূল্য ৩৩০ টকা হৈছিল, কিন্তু পৰিবহণ আৰু ওজনৰ খৰচ কৰ্তন কৰাৰ পিছত কৃষক জয়ৰামক দিয়া হ’ল মাত্ৰ ২ টকাহে।

চাজাপুৰৰ পিয়াজ ব্যৱসায়ী শ্বাহাদত খানে  কয় যে কৃষক জয়ৰামে অনা পিয়াজৰ মানদণ্ড ভাল নহয়। ইয়াৰ পিছতো তেওঁক ৮০ পইচাৰ পৰা প্ৰতি কেজি ডেৰ টকালৈ কিনিছিল। পিয়াজ যদি ভাল মানদণ্ডৰ হ’লহেঁতেন তেন্তে কেজি ১১ টকাত কিনা হ’লহেঁতেন৷ জয়ৰামে ৬ বেগত ৩০০ কেজি পিয়াজ আনিছিল। তেওঁ ২৮০ টকা আগতীয়াকৈ ভাড়াৰ বাবে লৈছিল। হাম্মালিৰ খৰচ কৰ্তন কৰি ওজন কৰাৰ পিছত বাকী ধন জয়ৰামক দিয়া হৈছে।

ইফালে মধ্যপ্ৰদেশৰ কৃষকসকলে ভাল মানৰ পিঁয়াজৰ বাবে সৰ্বোচ্চ হাৰত ১১-১২ টকা লাভ কৰাৰ বিপৰীতে মধ্যম মানৰ পিয়াজ ৫ৰ পৰা ১০ টকাত আৰু আটাইতকৈ বেয়া মানৰ পিঁয়াজ প্ৰতি কেজিত ৪ টকাতকৈ কম মূল্যত ক্ৰয় কৰা হৈছে। আনহাতে, সাধাৰণ মানুহে পিয়াজ খাবলৈ প্ৰতি কেজিত ২০ৰ পৰা ২৫ টকা আদায় কৰিছে। এই সন্দৰ্ভত ভাৰতীয় কৃষক সন্থাৰ নেতা মুকেশ পাটিদাৰে কয় যে মণ্ডীসমূহত স্বেচ্ছাচাৰী হাৰ দিয়া হৈছে। ব্যৱসায়ীসকলে কৃষকৰ পৰা মাণ্ডি কৰ, কমিছন, হামালি আৰু ওজনৰ খৰচ লয়। 

এই সন্দৰ্ভত কৃষি মন্ত্ৰীয়ে কি ক'লে - 

ইফালে চলিত মাহৰ ৮ ছেপ্টেম্বৰত শিৱৰাজ চৰকাৰৰ কৃষি মন্ত্ৰী তথা ধৰ জিলাৰ সুনীল পাটিদাৰ নামৰ এজন কৃষকৰ অডিঅ’ ভাইৰেল হৈছে। য’ত কৃষি মন্ত্ৰীয়ে কৈছিল যে এনে শস্য কিয় কৰা হ’ল, কাৰ হাৰ কম । ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ বহু জিলাত পিয়াজ আৰু নহৰুৰ হাৰ কম হোৱাৰ বাবে কৃষকসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?