--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যাত্ৰা পথৰ প্ৰত্যাহ্বানবোৰৰ ওচৰত হাৰ নামানিলে    সফলতা অৰ্জন কৰিব পাৰি।  প্ৰতিজন ব্যক্তিৰ   সফলতাৰ আঁৰত আছে এই মন্ত্ৰ। আৰু আজি ক’বলৈ ওলাইছো  এগৰাকী যুঁজাৰু মহিলাৰ বিষয়ে৷ যি  হাজাৰ হাজাৰ বাধাৰ সন্মুখীন হোৱা স্বত্বেও নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ’ল৷  আজি তেওঁৰেই জীৱন কাহিনীয়ে  অনুপ্ৰেৰণা যোগাইছে বহুতক। 

মহিলা গৰাকীৰ  নিলম মোহন৷ তেওঁ আই আই টি-এম বি এ পেছাদাৰী অমিত মোহনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷  বিবাহৰ সময়ত  তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী আছিল। ২১ বছৰ বয়সত, নিলমে বিয়া হোৱাৰ পিছত তেওঁৰ স্বামীৰ সৈতে দিল্লীলৈ যাব লগা হৈছিল। ইফালে, নিলমৰ সৰুৰে পৰা নিজাকৈ কিবা এটা কৰাৰ বাবে আছিল দুৰ্বাৰ হেঁপাহ । সেইকাৰণে তেওঁ  ২২ বছৰ বয়সত "ফেশ্বন" নামৰ এটা কোম্পানী আৰম্ভ কৰে। 

পৰৱৰ্তী সময়ত, তেওঁ দিল্লীত  পুৰুষৰ পোছাক ডিজাইন কৰা কাম আৰম্ভ কৰে আৰু উত্তৰ প্ৰদেশ ৰপ্তানি নিগমৰ সৈতে সংযোজিত হয়। সেই সময়ত তেওঁ প্ৰতি মাহে মাত্ৰ তিনি হাজাৰ টকা দৰমহা লাভ কৰিছিল। 

  নিলমে তেওঁৰ বন্ধু হৰমিন্দৰ চালধিৰ সৈতে কিছু নতুন  পৰিকল্পনা হাতত লৈছিল৷  ১৯৮৩ চনত তেওঁ বন্ধু হৰমিন্দৰ আৰু সুশীল কুমাৰৰ সৈতে অপেৰা হাউচ প্ৰাইভেট লিমিটেড নামৰ এটা ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰে। তাত তেওঁলোকে দিন-ৰাতিয়ে কাম  
 কৰিছিল।  এটা সময়ত, সেই কোম্পানীটোৰ টাৰ্ণঅ'ভাৰ ১৫ লাখ টকাতকৈও অধিক হৈছিল।

১৯৯১ চনত নিলমৰ বিবাহ বিচ্ছেদ হয়।সমান্তৰালভাৱে ব্যৱসায়িক  অংশীদাৰসকলৰ সৈতেও নিলমৰ মতভেদ সৃষ্টি হৈছিল। আনকি সেই সময়তেই নিলমে কোম্পানীটোত তেওঁৰ অংশটো ৩  কোটি টকাত বিক্ৰী কৰিব লগা হৈছিল।

জীৱনলৈ অহা প্ৰত্যাহ্বানবোৰে নিলমক স্পৰ্শ কৰিব পৰা নাছিল৷  মূৰ তুলি যুঁজি গৈছিল তেওঁ৷ আৰু আজি নিলমৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ জৰিয়তে, তেওঁৰ কোম্পানীয়ে ১৩০ কোটি টকাৰ ব্যৱসায় চলাই আছে৷ নিলমৰ এই ব্যৱসায়িকক প্ৰতিষ্ঠানৰ কাৰ্যালয় নয়ডাত অৱস্থিত। তেওঁলোকৰ এটা কাৰখানাও আছে।   সকলোৰে আদৰ্শ হৈ পৰা নিলম কেৱল এগৰাকী ব্যৱসায়ীয়েই নহয়৷ সমাজৰ প্ৰতিও তেওঁৰ যথেষ্ট অৱদান আছে৷ তেওঁ  বৃদ্ধ লোক সকলক বাবে অত্যাধুনিক সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে ২০০৯ চনৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পঞ্চৱতী নামৰ এটা গৃহও নিৰ্মাণ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?