কলকাতা : সকলোকে ৰূপেৰে মোহিত কৰা সাংসদ নুছৰত জাহান মাতৃ হ’ল। বৃহস্পতিবাৰে দুপৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ হ’ল সাংসদ তথা অভিনেত্ৰী নুছৰত। দিনৰ ১২.৪৫ বজাত জন্ম পোৱা সন্তানটি সুস্বাস্থ্যৰ অধিকাৰী, ওজন আছিল ২.৯ কিলো। বুধবাৰে কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা নুছৰতৰ কাষত আছিল ঘনিষ্ঠৰূপে পৰিচিত যশ যাদগুপ্ত।
কিন্তু তৃণমূলৰ সুন্দৰী সাংসদগৰাকীৰ কাষত বিগত সময়ছোৱাত নাছিল স্বামী নিখিল জৈন। আচলতে নুছৰত অন্তঃসত্বা হোৱাৰ কিছু দিনৰ পাছৰে পৰা নিখিলৰ সৈতে বাঢ়িছিল দূৰত্ব। গৰ্ভস্থ সন্তানটি কাৰ- এই বিষয়ে নিখিলৰ নাম পোনপটীয়াকৈ ল’বলৈ নুছৰতে অস্বীকাৰ কৰাৰ পাছৰে পৰা দুয়োজনৰ মাজত বাঢ়িছিল দূৰত্ব।
বহুজনে ক’ব বিচাৰে যে নিখিলৰ পৰিৱৰ্তে নুছৰত সন্তানটিৰ প্ৰকৃত পিতৃ যশ দাসগুপ্তহে। পিছে এই বিতৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব নিদি নুছৰতে কয়, "মাতৃত্ব এক আশীৰ্বাদ আৰু এই আশিসৰ মই সুখানুভূতি ল’ব বিচাৰোঁ।"