--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন অভিনৱ বাইক সাজি উলিয়াইছে  প্ৰয়াগৰাজৰ মতিলাল নেহৰু নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী (এমএনএনআইটি)ৰ একাংশ শিক্ষাৰ্থীয়ে।  চ'চাইটি অফ অটোমেটিক ইঞ্জিনিয়াৰচ (এছ.এ.ই.) ক্লাবৰ সহযোগত শিক্ষাৰ্থীসকলে সেই বিশেষ বৈদ্যুতিক বাইক খন সাজি উলিয়াইছে। এই বাইক খন কোনোবাই মদ খাই চলালেই নিজে নিজে বন্ধ হৈ পৰিব বাইক খন! অৰ্থাৎ,  সুৰাসক্ত লোকে এই বাইকখন চলাব নোৱাৰে।কেৱল সেয়াই নহয়,  দুৰ্ঘটনাৰ আগজাননীও দিব পাৰিব এই বাইক খনে। । এই বাইকখনত এনে এণ্টি-চেন্সৰ আছে যিয়ে  এজন সুৰাপান কৰা আৰোহীৰ গোন্ধ চিনাক্ত কৰিব আৰু বাইকখন  চলি যাবলৈ নিদিব। এই ই-বাইকখনত বহু উন্নত চেন্সৰ আছে। বাইক খনত চুৰি প্ৰতিৰোধ কৰিবলৈ এণ্টি-চুৰি চেন্সৰ স্থাপন কৰা হৈছে। 

মতিলাল নেহৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (এমএনএনআইটি)  অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক জীতেন্দ্ৰ এন গাংৱাৰৰ তত্বাৱধানত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে এই অনন্য বৈদ্যুতিক বাইকখন সাজি উলিয়াইছে। প্ৰতিষ্ঠানটোৰ সহকাৰী অধ্যাপকৰ মতে যদি বাইকখনৰ চেন্সৰে ধৰা পেলায় যে চালকজনে সুৰাপান কৰি আছে তেন্তে বাইক খন নচলিবই। এই বাইকখনে প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ বেগত যাত্ৰা কৰিব পাৰিব।

 এই বাইকখনে ৪ ঘণ্টাৰ সম্পূৰ্ণ চাৰ্জত ৬০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সক্ষম হ'ব । বাইকখনত এটা হিল এচিষ্ট সুবিধাও আছে ,যিটোৱে বাইক খন  উচ্চতালৈ উঠাত সহায় কৰিব। দুৰ্ঘটনাৰ ক্ষেত্ৰত ই সহায়ৰ বাবে স্বয়ংক্ৰিয়ভাৱে জৰুৰীকালীন সেৱাৰ সৈতে যোগাযোগ কৰিব পাৰে।এই অনন্য বৈদ্যুতিক বাইকখনৰ মূল্য প্ৰায় ১.৩০ লাখ টকা।এমএনএনআইটিয়ে অলপতে ভূপালত ইম্পেৰিয়েল চছাইটি অফ ইনোভেটিভ ইঞ্জিনিয়াৰছ (আইএছআইই)ৰ দ্বাৰা আয়োজিত এখন প্ৰতিযোগিতাত এই  বাইকখন মুকলি কৰিছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?