ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰে বেংক বন্ধৰ কেলেণ্ডাৰ ঘোষণা কৰে। এই কেলেণ্ডাৰত ৰাজ্যভেদে নিৰ্দিষ্ট দিনত বেংক বন্ধ থাকিব। লক্ষ্যণীয়ভাৱে, আৰবিআইয়ে চাৰিটা শ্ৰেণীত বেংক বন্ধৰ সিদ্ধান্ত লয়: নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট, হলিডেজ, ৰিয়েল-টাইম গ্ৰছ ছেটেলমেণ্ট হলিডে’, আৰু বেংকৰ একাউণ্ট বন্ধ কৰা। কিছুমান ৰাষ্ট্ৰীয় বন্ধৰ উপৰি, কিছুমান ৰাজ্য-নিৰ্দিষ্ট বন্ধ আছে যাৰ ভিতৰত আছে দেওবাৰে আৰু প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে।
ইয়াত মে’ ২০২২ত বেংক বন্ধৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে-
১ মে’ (দেওবাৰ): মে’ দিৱস – সমগ্ৰ দেশ/ মহাৰাষ্ট্ৰ দিৱস – মহাৰাষ্ট্ৰ
২ মে’ (সোমবাৰ): মহৰ্ষি পৰাসুৰাম জয়ন্তী
৩ মে’ (মঙলবাৰ): ইদ-উল-ফিতৰ, বাসৱ জয়ন্তী(কৰ্ণাটক)
৪ মে’(বুধবাৰ): ইদ-উল-ফিতৰ – তেলেংগানা
৯ মে’(সোমবাৰ): গুৰু ৰবীন্দ্ৰনাথ জয়ন্তী – পশ্চিম বংগ আৰু ত্ৰিপুৰা
১৩ মে’ (বৃহস্পতিবাৰ): ইদ-উল-ফিতৰ– ৰাষ্ট্ৰীয়
১৪ মে’ (শনিবাৰ): দ্বিতীয় শনিবাৰে বেংক বন্ধ
১৬ মে’ (সোমবাৰ): ৰাজ্য দিৱস, বুদ্ধ পূৰ্ণিমা – ছিকিম আৰু অন্যান্য ৰাজ্য
২৪ মে’ (মঙলবাৰ): কাজী নজৰুল ইছলামৰ জন্মদিন – ছিকিম
২৮ মে’ (শনিবাৰ): চতুৰ্থ শনিবাৰে বেংক বন্ধ
ধৰ্মীয় অনুষ্ঠানৰ আধাৰত বেংক বন্ধো নিৰ্ধাৰণ কৰা হয়।