--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২২ এলিমিনেটৰত আৰচিবিৰ হাতত ১৪ ৰানত পৰাস্ত হয় চলিত ছিজনত আত্মপ্ৰকাশ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে দলটোৰ অধিনায়ক কে এল ৰাহুলে। দীনেশ কাৰ্তিকৰ এটা সহজ কেচ মিছ কৰিছিল ৰাহুলে। 

গুৰুত্বপূৰ্ণ মেচখনত ৬৯ ৰান সংগ্ৰহ কৰাৰ পিছতো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ৰাহুলৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মেচখনৰ শেষত লক্ষ্ণৌৰ মেণ্টৰ গৌতম গম্ভীৰৰ এখন ছবিও ভাইৰেল হৈ পৰে। ছবিখনলৈ চাই, ৰাহুলৰ ওপৰত গম্ভীৰে ক্ষোভ প্ৰকাশ কৰিছে বুলি ধাৰণা কৰি লৈছে নেটিজেনে।

আৰচিবিয়ে প্ৰথমে বেটিং কৰি ২০৬ ৰান কৰে। মাত্ৰ ৫৪টা বলত ১১২ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৰজত পাটিদাৰে। কিন্তু মেচ চলাকালীন লক্ষ্ণৌৰ ফিল্ডাৰসকলে তিনিবাৰকৈ তেওঁৰ কেচ ড্ৰপ কৰিছিল। ৰাহুলে পাটিদাৰৰ সহজ কেচ মিছ কৰে। চলিত আইপিএলত ৰাহুলে ফৰ্মত থকা বেটছমেন দীনেশ কাৰ্তিকৰ কেচ মিছ কৰি এক প্ৰকাৰ নিজৰ বিপদ নিজে মাতি আনিছিল। সেই সময়ত মাত্ৰ ২ ৰানত থকা কাৰ্তিকে অপৰাজিত ৩৬ ৰানেৰে ইনিংছৰ সামৰণি মাৰিছিল। ডাগ আউটত থকা গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
 
ৰাহুলৰ মন্থৰ বেটিঙক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ৰবি শাস্ত্ৰীয়ে। তেওঁ কয়, ‘সেই সময়ত আৰু অলপ বেগেৰে ৰান সংগ্ৰহ কৰাটো উচিত আছিল। ৯-১৪ অ’ভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যিকোনো এজন বলাৰক টাৰ্গেট কৰিব পাৰিব লাগিছিল। ৰাহুল আৰু দীপক হুডাই খেলি থকাৰ সময়ত ৰাহুলে অধিক আক্ৰমণাত্মকভাৱে বেটিং কৰাৰ প্ৰয়োজন আছিল। মিডল অ’ভাৰত ৰান সংগ্ৰহ কৰিব পাৰিলেই আৰচিবিক হেঁচাত পেলাব পৰা গ’লহেঁতেন।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?