--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুঁজৰ ভিতৰত অন্যতম হৈছে ব্ৰাজিল-আৰ্জেণ্টিনাৰ ছুপাৰ ক্লাছিকো মেচ। ব্ৰাজিল-আৰ্জেণ্টিনাৰ যুঁজ মানেই যেন অতিৰিক্ত ৰোমাঞ্চ। সমৰ্থকৰ মাজত তৰ্কৰ বৰ্ষা। সেইবাবে ফুটবল খেলপথাৰত এই দ্বৈৰথৰ যুঁজো হৈ পৰে দৃষ্টিনন্দন। 

কাটাৰ বিশ্বকাপৰ পূৰ্বেই ফুটবল প্ৰেমীয়ে ব্ৰাজিল-আৰ্জেণ্টিনাৰ মাজত আন এখন হাই-ভল্টেজ খেল চাবলৈ গৈ আছে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত  বিশ্বকাপৰ প্ৰস্তুতি মূলক এখন খেল খেলিব লেটিন আমেৰিকাৰ এই দুই পাৱাৰহাউছে।জুনৰ মাহৰ ১১তাৰিখে এই খেলখন অনুষ্ঠিত হোৱাৰ খবৰ ওলাইছে।

অষ্ট্ৰেলিয়াৰ ৰাজ্য ভিক্টোৰিয়াৰ চৰকাৰে বুধবাৰে এই বিষয়ে নিশ্চিত কৰিছে। খেলখন দেশৰ প্ৰতিষ্ঠিত মেলবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলিও জনাইছে কৰ্তৃপক্ষই। প্ৰায় পাঁচ বছৰ পাছত ৯৫,০০০ দৰ্শকৰ উপস্থিতিত ঐতিহাসিক মেলবৰ্ণ ষ্টেডিয়ামত এনে এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে।

ভিক্ট'ৰিয়ান ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰী মাৰ্টিন পাকুলাই কয়, ‘বিশ্বৰ দুখন সফল ফুটবল দেশ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ মিলিত হ'বলৈ গৈ আছে। আমি আকৌ এবাৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত দুয়োখন চিৰ প্ৰতিদ্বন্দী দেশৰ মাজত খেল আয়োজন কৰিবলৈ গৈ আছো। যাতে বিশ্ববাসীক দেখুৱাব পাৰো যে এইখন এখন গ্ৰেট স্পোৰ্টিং চিটী। '

তেওঁ লগতে কয়, ‘ফুটবলক সমগ্ৰ বিশ্বতে এক গোলকীয় খেল হিচাপে জনা যায়। সেইকাৰণে লক্ষ লক্ষ মানুহে এই খেলখন চাবলৈ মেলবৰ্ণত দৃষ্টি ৰাখিব। একে সময়তে, ভিক্টোৰিয়াত হাজাৰ হাজাৰ পৰ্যটকৰো সমাগম হ’ব।’ 

স্মৰ্তব্য যে, ইয়াৰপূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰত ব্ৰাজিলৰ চাও পাওলোত মুখামুখি হৈছিল ব্ৰাজিল-আৰ্জেণ্টিনা। কৰ’না প্ৰট’কল ভংগ কৰাৰ অজুহাতত মাত্ৰ এক মিনিটৰ পাছতে খেলখন বাতিল কৰা হৈছিল। ইফালে, পাঁচ বছৰ পূৰ্বে ২০১৭ চনত, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত মিলিত হৈছিল আৰ্জেণ্টিনা-ব্ৰাজিল। সেই খেলখনত মেছীৰ একমাত্ৰ গ'লটো লৈ আৰ্জেণ্টিনাই খেলপথাৰ এৰিছিল। ইয়াৰপূৰ্বে আৰ্জেণ্টিনাই আয়োজক দেশ অষ্ট্ৰেলিয়াকো ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?