--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'গ্রেট পেট্রিয়'টিক ৱাৰ'ৰ বিজয়ৰ ৮০সংখ্যক বাৰ্ষিকীৰ উপলক্ষ্যত মস্কোৰ ৰে'ড স্কোৱাৰত অহা ৯ মে'ত আয়োজিত পেৰেডত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

ৰাছিয়ান সংবাদ মাধ্যম টাছে বুধবাৰে এই কথা প্রকাশ কৰি কয় যে দেশখনৰ সামৰিক বাহিনীৰ সূত্ৰই প্রধানমন্ত্রী মোদীৰ ৰাছিয়া ভ্ৰমণৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে। সামৰিক সূত্ৰৰ উদ্ধৃতি দি টাছে কয় যে ৰে'ড স্কোৱাৰত অনুষ্ঠিত হ'বলগীয়া পেৰেডত ভাৰতীয় সশস্ত্র বাহিনীৰ এটা অংশয়ো পেৰেডত অংশগ্রহণ কৰিব আৰু অনুশীলনৰ বাবে কমেও এমাহৰ পূৰ্বে ৰাছিয়াত উপস্থিত হ'ব। 

পেৰেডত অংশ লোৱাৰ বাবে ভাৰতীয় সেনাৰ লোকক পঠিয়াব নে নাই সেই বিষয়ত ভাৰতৰ সৈতে আলোচনা চলি আছে বুলি সূত্ৰটোৱে সদৰী কৰে। ৰাছিয়াৰ বিদেশ মন্ত্রী ছার্গেই লাভৰ'ভে কয় যে ৯ মে'ত মস্কোত হ'বলগীয়া অনুষ্ঠানটোৰ বাবে বহুকেইখন দেশে তেওঁলোকৰ অংশগ্ৰহণৰ নিশ্চিতি প্রদান কৰিছে। 

উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্রণক্রমে ১৬সংখ্যক ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। পুটিনৰ আমন্ত্রণক্রমে ১৬সংখ্যক ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?