--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থমাছ কাপ ২০২২ত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিছে ভাৰতে। বিশেষজ্ঞসকলৰ দৃষ্টিত এই স্বৰ্ণপদক ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ জয় কৰাতকৈ ডাঙৰ সাফল্য। প্ৰধানমন্ত্ৰীৰ পৰা সাধাৰণ নাগৰিকলৈকে  সকলোৱে ভাৰতীয় বেডমিণ্টন দলক অভিনন্দন জনাইছে। কিন্তু ভাৰতীয় দলক শুভেচ্ছা জনাবলৈ গৈ এগৰাকী IAS বিষয়াই এনে এখন ছবি পোষ্ট কৰিছিল। এই ছবিখনক পোষ্ট কৰি দৰাচলতে  তেওঁ বেডমিণ্টন খেলক অপমান কৰা বুলি মন্তব্য কৰা দেখা গৈছে নেটিজেনে। 

সোমেশ উপাধ্যায় নামৰ IAS বিষয়াগৰাকীয়ে  টুইটত লিখিছে, ‘ইণ্ডোনেচিয়ানসকল হতবাক হৈছে, ভাৰতীয়সকল কেনেকৈ বেডমিণ্টনত ইমান ভাল প্ৰদৰ্শন দেখুৱাব পাৰিছে?’ এইটো কেপচনৰ সৈতে তেওঁ এখন ফটো পোষ্ট কৰিছে। সেই ছবিখনক লৈয়ে এতিয়া বিপত্তিৰ অন্ত নাই। মন কৰিবলগীয়া যে, বেডমিণ্টন ৰেকেটৰ পৰিৱৰ্তে মহ মৰা ৰেকেটৰ এখন ছবিৰে টুইট কৰিছিল এইগৰাকী IAS বিষয়াই।

ছবিখন দেখাৰ পাছতে  IAS বিষয়াগৰাকী নেটিজেনৰ ট্ৰ'লৰ সন্মুখীন হ’বলগীয়া হৈছে। ভাৰতীয় লেগস্পিনাৰ অমিত মিশ্ৰাইও IAS বিষয়াগৰাকীৰ টুইটক সমালোচনাৰ দৃষ্টিৰে চাইছে। তেওঁ কয়, ‘এই টুইটটো কেৱল নিম্ন মানৰে নহয়, আমাৰ বেডমিণ্টন নায়কসকলৰ বাবেও ই অপমানজনক।’

ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰক মেনছন কৰি এগৰাকী নেটিজেনে লিখিছে, ‘উচ্চ পদস্থ আমোলা-বিষয়াসকলে আমাৰ দেশৰ খেলুৱৈসকলক এনে দৃষ্টিৰেই চায় আমাৰ দেশৰ খেলুৱৈসকলক।এই আচৰণ অত্যন্ত নিম্ন মানৰ।’ নেটিজেনসকলে এনে ধৰণৰ টুইটে প্ৰকৃততে খেলুৱৈসকলক অসন্মান কৰা বুলি ধাৰণা কৰি লৈছে। এগৰাকী নেটিজেনে টুইট কৰিছে, ‘IAS বিষয়াসকলৰ পৰা অলপ বেছি বুদ্ধিমত্তা আশা কৰা য়ায়। এই টুইটৰ যোগেদি খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমক আঘাত কৰিছে তেওঁ।’

অৱশ্যে, IAS বিষয়াগৰাকীয়ে নেটিজেনসকলৰ সমালোচনাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাই। লক্ষ্যণীয় যে,  ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপত চেম্পিয়ন হৈছে ভাৰত। এই প্ৰতিযোগিতাখনক বেডমিণ্টনৰ বিশ্বকাপ বুলি কোৱা হয়। ভাৰতীয় দলটোৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। গতিকে, দেশৰ এনে গৌৰৱজ্জল মুহূৰ্তত খেলুৱৈসকলৰ সাফল্যক এনেদৰে সমালোচনা কৰা কথাতো সহজে ল’ব পৰা নাই  দেশৰ জনসাধাৰণে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?