--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনৰ বতাহৰ মাজতো ‘মহা শিৱৰাত্ৰি’ উপলক্ষে ৰাজ্যৰ শিৱ মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ‘শিৱ দ'ল’তো ১০মাৰ্চৰ পৰা ১৩মাৰ্চলৈ চাৰিদিনীয়াকৈ উদযাপন কৰা হৈছে ‘আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ-২০২১’। চিৰাঙৰ বিজনীৰ ঐতিহাসিক আমগুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰতো বুধবাৰৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে শিৱৰাত্ৰি। 

আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

আনহাতে জাগীৰোডৰ শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা চলিছে পূজা-অৰ্চনা৷ জাগীৰোডৰ গোভা দেওঁৰজা চাৰিভাই শিৱ মন্দিৰতো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ বিভিন্ন প্ৰান্তৰৰ অগণন ভক্তই ধুপ-দ্বীপ নৈবেদ্যৰে মহাদেৱক পূজা-অৰ্চনা কৰাৰ লগতে ভগৱানৰ আশিস গ্ৰহণ কৰিছে৷

সমান্তৰালভাৱে ঐতিহাসিক ‘নাগশংকৰ দেৱালয়’তো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ শৈৱ্যপীঠ নাগশংকৰ দেৱালয়ত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস তাহানিৰে পৰা চলি আহিছে৷

আৰু পঢ়িব পাৰিব : মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

পুৱাৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত অগণন ভক্তই শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাই মংগল কামনা কৰিছে। আনহাতে তেজপুৰৰ শ্ৰীশ্ৰীহলেশ্বৰ মন্দিৰ, হিঙ্গুলেশ্বৰ,কেতেকেশ্বৰ,সিদ্ধেশ্বৰ আৰু শিঙৰী শিৱ মন্দিৰতো শিৱৰাত্ৰি উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?