ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ চাৰিটা মন্দিৰত “বস্ত্ৰ সংহিতা” বা সাজ-পোছাক প্ৰৱৰ্তন কৰা হৈছে বুলি ৰাজ্যখনৰ মন্দিৰৰ এটা সংস্থাই প্ৰকাশ কৰিছে।পূজাস্থলীত সাজ-পোছাক পৰিধানৰ বিষয়টো চলিত মাহৰ আৰম্ভণিতে বাতৰিৰ শিৰোনাম দখল কৰিছিল যেতিয়া ৰাজ্যখনৰ বিখ্যাত তুলজা ভৱানী মন্দিৰে ফিয়েট প্ৰত্যাহাৰ কৰাৰ পূৰ্বে দৰ্শনাৰ্থী ভক্তসকলে কেনে সাজ-পোছাক পৰিধান কৰে সেই বিষয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।
মহাৰাষ্ট্ৰ মন্দিৰ মহাসংঘই (মহাৰাষ্ট্ৰৰ মন্দিৰ ফেডাৰেচন) সমগ্ৰ ৰাজ্যৰ মন্দিৰৰ বাবে “বস্ত্ৰ সংহিতা” লৈ ওলাইছে বুলি শুকুৰবাৰে ইয়াৰ সমন্বয়ক সুনীল ঘনৱাটে সাংবাদিকৰ আগত কয়।শুকুৰবাৰৰ পৰা ধনতোলীৰ গোপালকৃষ্ণ মন্দিৰ, বেল্লোৰী (সাওনেৰ)ৰ শংকতমোচন পঞ্চমুখী হনুমান মন্দিৰ, কানোলিবাৰাৰ বৃহস্পতি মন্দিৰ আৰু নাগপুৰ চহৰৰ হিলটপ অঞ্চলৰ দুৰ্গামাতা মন্দিৰত ইয়াক কাৰ্যকৰী কৰা হয় বুলিও তেওঁ কয়।
ভক্তসকলে “আপত্তিজনক” কাপোৰ পিন্ধিব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে ফেব্ৰুৱাৰী মাহত উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁৱত মহাৰাষ্ট্ৰ মন্দিৰ ন্যাস পৰিষদৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাটোৱেই প্ৰধান উদ্দেশ্য। বহু মন্দিৰত এনে সংহিতা স্থাপন কৰা হৈছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো চৰকাৰৰ নিয়ন্ত্ৰিত মন্দিৰত এই সংহিতা কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাব বুলিও তেওঁ কয়।কিছুদিন পূৰ্বে ওছমানবাদ জিলাৰ তুলজা ভৱনী মন্দিৰৰ চৌহদত চুটি চুটি আৰু বাৰ্মুডা আদি “অশ্লীল” কাপোৰ নিষিদ্ধ কৰাৰ চেষ্টা চলাইছিল। কিন্তু ক্ষোভৰ সৃষ্টি কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে এই আদেশ প্ৰত্যাহাৰ কৰা হয়।