--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইলন মাস্কৰ মহাকাশ অভিযান স্পেছএক্সৰ মহাকাশযান ষ্টাৰশ্বিপক বৃহস্পতিবাৰে মহাকাশলৈ উৎক্ষেপণৰ কেইবা মিনিটৰ পাছতেই যান্ত্রিক বিজুতি ঘটি বিকল হৈ পৰে আৰু বিস্ফোৰিত হৈ খণ্ড খণ্ডকৈ তললৈ পৰি যায়। ছাউথ ফ্লৰিজ আৰু বাহামাছৰ আকাশত বিস্ফোৰণৰ পাছত মহাকাশযান ষ্টাৰশ্বিপৰ স্ফুলিংগ সিঁচৰতি হৈ পৰে। 

আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় বিমান পৰিবহণ প্রশাসনে মিয়ামি, ফর্ট লডাৰডালে, পাম বীচ্চ আৰু অৰলেণ্ডৰ বিমান বন্দৰত বৃহস্পতিবাৰে সন্ধিয়া ৮ বজা পর্যন্ত মহাকাশযানখনৰ ধ্বংসাৱশেষৰ বাবে স্বাভাৱিক জীৱন-যাত্ৰা বন্ধ কৰি দিয়ে। ষ্টাৰশ্বিপ মহাকাশ যানখনৰ মহাকাশলৈ উৎক্ষেপণ কৰাৰ অভিযানৰ পোনপটীয়া দৃশ্য সম্প্ৰচাৰ হৈ থকাৰ সময়তে মহাকাশযানখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বিস্ফোৰণ হৈ খণ্ড-বিখণ্ড হৈ পৰে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ষ্টাৰশ্বিপ মহাকাশযানখন উৎক্ষেপণৰ বাবে পৰীক্ষণৰ সময়ত বিকল হৈ বিস্ফোৰণ হৈছিল আৰু ইয়াৰ ধ্বংসাৱশেষ তুৰস্ক আৰু চাইকছত পৰিছিল। প্ৰায় দুমাহৰ পাছত পুনৰ উৎক্ষেপণৰ বাবে পৰীক্ষা চলাওঁতে বৃহস্পতিবাৰে আকৌ ষ্টাৰশ্বিপখন বিকল হৈ ধ্বংস হয়।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?