--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানকেন্দ্ৰিক কথাবোৰ ৰোমাঞ্চকৰ হোৱাৰ লগতে কৌতুহলপূৰ্ণও। এই অন্তহীন কৌতুহলৰ কাৰণো কিন্তু বিজ্ঞানৰ আকৰ্ষণ। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নিত্য-নতুন উদ্ভাৱনৰ খবৰ পোহৰলৈ আহে। এইবাৰ পুনৰ আলোচনাৰ আওতালৈ আহিছে মহাকাশৰ প্ৰসংগ। মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। অন্ত নাই অধ্যৱসায়ৰো। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ প্ৰতিটো স্তৰতে নতুনৰ উকমুকনি থকা দেখিবলৈ পোৱা যায়। খোল খাইছে ৰহস্যৰ নতুন নতুন খিৰিকী। আৰু এই অজ্ঞাত খিৰিকীৰ মাজেৰে আহিছে পোহৰৰ স্ৰোত।

মহাকাশত সম্ভেদ লাভ কৰা সামগ্ৰীবিধৰ নাম পেগাছাছ ভি। শেহতীয়াকৈ, জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ সম্ভেদ লাভ কৰিছে। ই এক প্ৰকাৰৰ বামন তাৰকাৰাজ্য। ইয়াত হাইড্ৰজেন বা হিলিয়ামতকৈ গধুৰ পদাৰ্থ একোৱেই নাই। সকলো চিন দেখাৰ পিছত বিজ্ঞানীসকলে বিশ্বাস কৰিবলৈ লৈছে যে, ই এখন প্ৰাচীন তাৰকাৰাজ্যৰ অৱশিষ্ট, মৃত তাৰকাৰাজ্য। অথবা হ’ব পাৰে জীৱাশ্মৰ তাৰকাৰাজ্য৷ যিটো মহাকাশ বিজ্ঞানত এক অতি নতুন ধৰণৰ আৱিষ্কাৰ হিচাপে আলোচিত হৈছে।

তাৰকাৰাজ্যবোৰ কেনেকৈ গঢ় লৈ উঠিছিল? এই আৱিষ্কাৰে তাৰে সম্ভেদ দিব বুলি প্ৰকাশ পাইছে। জীৱাশ্ম-তাৰকাৰাজ্যসমূহৰ বিশ্লেষণে মহাকাশ বিজ্ঞানক বহু দিশত সমৃদ্ধ কৰিব বুলিও আশাবাদী বিজ্ঞানীসকল। জীৱাশ্ম তাৰকাৰাজ্যৰ আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ মুৰব্বী এমিলি চাৰ্লছে কয় যে, এনে মৃত তাৰকাৰাজ্যৰ সৈতে কাম কৰাৰ ডাঙৰ সমস্যাটো হ’ল ইয়াত প্ৰায়ে উজ্জ্বল তৰা নাথাকে। ফলত সেইবোৰ চিনি পোৱা আৰু পৰীক্ষা কৰাটো কঠিন হৈ পৰে। কিন্তু তেওঁলোকৰ পৰিচয়ৰ ক্ষেত্ৰত দেখা গৈছে যে এই সকলোবোৰ তাৰকাৰাজ্যৰ ‘নক্ষত্ৰীয় জনসংখ্যা’ অতি প্ৰাচীন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?