--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই। তাৰেই প্ৰমাণ পোৱা গ’ল পঞ্জাৱত।ফতেহগড় চাহিব জিলাৰ ৰাজিন্দৰগড় গাঁৱৰ ওচৰত এখন ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে  ট্ৰাক খনত থকা সকলো আপেল লুটি লৈ যায় একাংশ লোকে। এনে নিদাৰুণ অৱস্থাত  কাশ্মীৰী খেতিয়কজনক  সহায় কৰিবলৈ  পঞ্জাৱৰ দুজন ব্যৱসায়ী আগবাঢ়ি আহিল। 

পাটিয়ালাৰ ৰাজবিন্দৰ সিং আৰু মোহালিৰ গুৰপ্ৰীত সিঙে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ সোপোৰৰ বাসিন্দা মহম্মদ শ্বাহিদক তেওঁৰ হোৱা লোকচানৰ বাবে ৯ লাখ ১২ হাজাৰ টকা দান হিচাবে দিয়ে। লোক দুজনে কাশ্মীৰৰ আপেল খেতিয়কজনক  সেই ধনৰ  চেক প্ৰদান কৰে। ফতেহগড় চাহিব জিলাৰ দিল্লী-অমৃতসৰ ঘাইপথত ফলভৰ্তি ট্ৰাকখনদুৰ্ঘটনাত পতিত হোৱাৰ  পিছত গাওঁবাসী আৰু পথচাৰীসকলে মুঠ ১,২৬৫ কাৰ্টন আপেল চুৰি কৰিছিল। 

ট্ৰাকখনে শ্ৰীনগৰৰ পৰা আৰু বিহাৰলৈ গৈ আছিল।  ফতেহগড় চাহিবৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাভজ্যোত গ্ৰেৱালে কয় যে   ছ'চিয়েল মিডিয়াত আপেলৰ কাৰ্টন মানুহে লুটি কাঢ়ি নিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে সোমবাৰে ১০ জন লোকক গ্ৰেপ্তাৰ কৰে চ’চিয়েল মিডিয়াত আপেল লুটি নিয়াৰ ভিডিঅ’ দেখাৰ পিছতে  ৰাজবিন্দৰ সিং আৰু গুৰপ্ৰীত সিঙে আৰক্ষীৰ কাষ চাপিছিল আৰু ট্ৰাকৰ গৰাকীক হোৱা লোকচানৰ ক্ষতিপূৰণ দিবলৈ তেওঁলোকৰ ইচ্ছাৰ কথা  প্ৰকাশ কৰিছিল।

 গুৰপ্ৰীতে কৈছিল যে ৯.১২ লাখ টকাৰ চেক শ্বাহিদক দিয়া হৈছে৷ গুৰপ্ৰীতে লগতে কয়  যে তেওঁ আপেলৰ কাৰ্টন চুৰি হোৱাৰ ভিডিঅ' দেখি দুখ  অনুভৱ হৈছিল সেয়া  যে এইটো পঞ্জাৱৰেই দৃশ্য  হ'ব পাৰে । পঞ্জাৱল মানুহে সদায় আনক সহায় কৰিবলৈ আগবঢ়াবলৈ আগবাঢ়ি আহে।তেনে ক্ষেত্ৰত এনে ঘটনা নিন্দনীয় বুলি তেওঁ কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?