--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাথুৰাম গডছেক প্ৰশংসা কৰি বিপদত পৰিল হিন্দু ধৰ্মীয় স্বয়ম্ভূ নেতা কালীচৰণ মহাৰাজ।বৰ্তমান সময়ত সমাজত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান আৰু গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ জয়গান গোৱা যেন এক ট্ৰেণ্ডত পৰিণত হৈছে। কিছুদিনৰ পূৰ্বে নাথুৰাম গডছেৰ প্ৰশংসাকাৰীৰ বিৰুদ্ধে গৰজি উঠিছিল বিজেপি সাংসদ বৰুণ গান্ধী। বিজেপিৰ ফায়াৰব্ৰেণ্ড সাংসদ বৰুণ গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক সমৰ্থন কৰা আৰু তেওঁক প্ৰশংসা কৰা লোকসকলক ক্ষুৰধাৰ সমালোচনা কৰে। এনে মানুহ গৰিহনাৰ যোগ্য বুলি কয় বৰুণ গান্ধীয়ে।

সাংসদ গান্ধীয়ে কয় যে কিছুদিনৰ পৰা লক্ষ্য কৰিছো যে ”কিছুমান মানুহে নাথুৰাম গডছে জিন্দাবাদ বুলি ধ্বনি দিয়ে। এজন হত্যাকাৰীক জিন্দাবাদ বুলি ক’ব পৰা মানুহবোৰো কোনো হত্যাকাৰীতকৈ কম নহয়। যি গৰাকী মহান মানুহৰ নেতৃত্বত আজি আমি স্বাধীন নাগৰিক বুলি ক’ব পাৰো সেই গৰাকী মানুহ এতিয়া কিছুমানৰ চকুত অপৰাধী হ’ল আৰু তেওঁক হত্যা কৰা জনহে মহান হ’ল। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰীক জিন্দাবাদ বুলি ক’ব পৰা দেশত থাকিবলৈ আমি লজ্জিত অনুভৱ কৰা উচিত। যিসকলে নাথুৰাম গডছেক সমৰ্থন আৰু প্ৰশংসা কৰি আছে তেনে লোকক ফাঁচি দিয়া উচিত।”’

শেহতীয়াকৈ ৰায়পুৰত অনুষ্ঠিত দুদিনীয়া ধৰ্ম সংসদত সমগ্ৰ দেশৰ বিশিষ্ট সাধুসকলে অংশগ্ৰহণ কৰিছিল। কালীচৰণ মহাৰাজে এই অনুষ্ঠানত দেওবাৰে তেওঁৰ ভাষণৰ সময়ত এক বিতৰ্কিত মন্তব্য কৰে। কালীচৰণ মহাৰাজে কৈছিল যে ''তেওঁহে এই দেশত শাসন কৰিব যিয়ে কেৱল হিন্দু স্বাৰ্থৰ কথা ক'ব। ইছলামৰ উদ্দেশ্য হৈছে ৰাজনীতিৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰক দখল কৰা।'' কালীচৰণে লগতে পাকিস্তান বিভাজনক লৈ মহাত্মা গান্ধীক গালি পাৰিছিল আৰু তেওঁৰ হত্যাকাৰী নাথুৰাম গডছেক প্ৰশংসা কৰিছিল।

কালীচৰণ

কালীচৰণে সেই মঞ্চত উচতনিমূলক মন্তব্য দিয়া অব্যাহত ৰাখিছিল। ইয়াৰ পাছতেই হিন্দু নেতাগৰাকীক লৈ বিতৰ্ক আৰম্ভ হয়। সকলো ৰাজনৈতিক দলে বিষয়টোৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে যে আপুনি কেনেকুৱা এখন দেশ গঢ়ি তুলিলে যিখন দেশত এতিয়া মানুহে মঞ্চত ৰাষ্ট্ৰপিতাক ৰাজহুৱাভাৱে গালি-গালাজ কৰিব পৰা হ'ল। একাংশই লগতে যে কালীচৰণে প্ৰথমে প্ৰমাণ কৰিব লাগে যে তেওঁ এজন সাধু নে নহয়। জাতিৰ পিতাক লৈ অপমানজনক মন্তব্য কৰা বাবে ছত্তীশগড় আৰক্ষীয়ে কালীচৰণ মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। হিন্দু নেতাগৰাকীক কাৰাগাৰালৈ প্ৰক্ষেপ কৰা হ'ব নে নাই সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব।

আৰু পঢ়কঃ বিস্ময়কৰ! ৭৩ বছৰীয়া মহিলাৰ গৰ্ভত পোৱা গৈছে ৩৫ বছৰীয়া ‘শিলৰ কেঁচুৱা’!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?