--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ শাৰীৰিক গঠনৰ ওপৰত কৰা মন্তব্যক যৌন নিৰ্যাতন বুলি অভিহিত কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে। কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ বদৰুদ্দিনে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এনে মন্তব্যক যৌন নিৰ্যাতনৰ অপৰাধ বুলি বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা উচিত।

কেৰেলা ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীৰ বিৰুদ্ধে একেটা কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে ২০১৩ চনৰ পৰা অভিযুক্ত প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অশ্লীল ভাষা ব্যৱহাৰ কৰা বুলি কৈছিল। ইয়াৰ পিছত ২০১৬-১৭ চনত তেওঁ আপত্তিজনক মেছেজ আৰু ভইচ কল প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে মহিলা কৰ্মচাৰীগৰাকীক। কে এছ ই বি আৰু আৰক্ষীক অভিযোগ দিয়াৰ পিছতো তেওঁ মহিলাগৰাকীক আপত্তিজনক মেছেজ প্ৰেৰণ কৰি থাকিল।

কেইবাটাও অভিযোগৰ অন্তত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কেৰেলা আৰক্ষী আইনৰ আইপিচি ধাৰা ৩৫৪এ (যৌন নিৰ্যাতন) আৰু ৫০৯ (মহিলাৰ বিনয়ক ক্ষোভিত কৰা) আৰু ১২০ (অ’) ধাৰাত (অবাঞ্চিত ফোন, চিঠি, লিখা, বাৰ্তা) গোচৰ ৰুজু কৰে। অভিযুক্তই যৌন নিৰ্যাতনৰ গোচৰ বাতিল কৰাৰ বাবে আবেদন দাখিল কৰিছিল।

অভিযুক্তই আবেদনখনত দাবী কৰিছে যে আইপিচিৰ ধাৰা ৩৫৪এ আৰু ৫০৯ আৰু কেৰেলা আৰক্ষী আইনৰ ধাৰা ১২০ (অ)ৰ পৰিসৰৰ অধীনত এজন ব্যক্তিৰ শৰীৰৰ গঠন ভাল বুলি উল্লেখ কৰিলেই তেওঁক যৌন নিৰ্যাতনৰ বাবে জগৰীয়া কৰিব নোৱাৰি। 
তেতিয়া মহিলাগৰাকীয়ে কয় যে তেওঁৰ শৰীৰৰ গঠনক লৈ ফোন আৰু মেছেজত অশ্লীল মন্তব্য কৰি অভিযুক্তই হাৰাশাস্তি কৰিছিল।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কয় যে প্ৰাইমা ফেচি আইপিচিৰ ধাৰা ৩৫৪এ আৰু ৫০৯ আৰু কেৰেলা আৰক্ষী আইনৰ ধাৰা ১২০ (অ’)ৰ অধীনত অভিযুক্তৰ আবেদন নাকচ কৰে আদালতে। 

কেৰালা উচ্চ ন্যায়ালয়ে মন্তব্য কৰি কয় যে অভিযুক্ত দোষী সব্যস্ত হ'লে যৌন নিৰ্যাতনৰ ফৌজদাৰী গোচৰত শাস্তি লাভ কৰিব। ন্যায়াধীশ এ বদৰুদ্দিনৰ এজনীয়া পীঠে এই ৰায় প্ৰদান কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?