--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘সোনকালে আহা বাবু য়াৰ...মন গৈ আছে।’’ এই আপত্তিজনক মেছেজ এগৰাকী যাত্ৰীলৈ প্ৰেৰণ কৰিলে এগৰাকী উবেৰ চালকে। গ্ৰাহক যাত্ৰীগৰাকী আছিল এগৰাকী মহিলা। মহিলাগৰাকী পেছাত অধিবক্তা।

দিল্লীৰ অধিবক্তা তনয়া শৰ্মাই উবেৰৰ চালকজনৰ অভদ্ৰতা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তেওঁৰ কাহিনী শ্বেয়াৰ কৰে। ইয়াকে লৈ আকৌ এবাৰ মহিলাৰ সুৰক্ষা সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে। তনয়াই কয় যে তেওঁ উবেৰ এপৰ জৰিয়তে কেব বুকিং কৰিছিল, বুকিং কৰাৰ কেইমিনিটমানৰ ভিতৰতে ড্ৰাইভাৰে তেওঁক অশ্লীল মেছেজ পঠিয়াবলৈ আৰম্ভ কৰে।

এই ঘটনাৰ লগে লগে তনয়াই বুকিং বাতিল কৰি উবেৰ কোম্পানীক অভিযোগ কৰে। 

এই কাণ্ড সংঘটিত হৈছিল দিল্লীৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত, যাক তনয়াই তেওঁৰ জীৱনৰ আটাইতকৈ বিৰক্তিকৰ অভিজ্ঞতা বুলি অভিহিত কৰিছে। এই বাৰ্তাৰ সৈতে জড়িত স্ক্ৰীণ শ্বটটোও তেওঁ শ্বেয়াৰ কৰে।

তনয়াই লিংকডইনত লিখিছে যে ‘‘আমি একবিংশ শতিকাত জীয়াই আছোঁ, কিন্তু আজিও মহিলাসকলে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই আচৰণ এতিয়াও কিয় হৈ আছে মই বুজিব পৰা নাই।’’

তনয়াৰ এই পোষ্ট ভাইৰেল হোৱাৰ লগে লগে মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘‘এইটো অতি লজ্জাজনক। মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো কোম্পানীসমূহৰ প্ৰধান দায়িত্ব হ’ব লাগে।’’

ঘটনাটো ভাইৰেল হোৱাৰ পিছতেই উবেৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত চালকজনক নিজৰ প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰে। তনয়াই তেওঁৰ ফ’ল’-আপ পোষ্টত এই পদক্ষেপটো নিশ্চিত কৰি লিখিছে যে ‘‘মই ধন্য যে মানুহে মোক সমৰ্থন কৰিলে। 

উবেৰ কোম্পানীয়ে চালকজনক নিষেধাজ্ঞা আৰোপ কৰিছে যাতে তেওঁ আন কাৰোৰে লগত এই কাম কৰিব নোৱাৰে। এনেবোৰ বিষয়ক অধিক গুৰুত্বসহকাৰে লোৱাটো মই বিচাৰো।’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?