--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ কোম্পানী মাইক্ৰ’ছফটে ক্ৰয় কৰিব পাৰে চুটি ভিডিঅ’ প্লেটফৰ্ম টিকটক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটক ক্ৰয়ৰ বাবে মাইক্ৰ’ছফটে আলোচনাত মিলিত হৈছে বুলি মন্তব্য কৰিছে। লগতে তেওঁ কয় যে টিকটক বিক্ৰীৰ বাবে নিবিদা থাকিব লাগে। উল্লেখ্য যে টিকটক চীনৰ কোম্পানী বাইটডান্সৰ মালিকানাধীন। যদি তেওঁলোকে আমেৰিকাত টিকটকৰ ব্যৱহাৰ অব্যাহত ৰাখিব বিচাৰে তেন্তে ইয়াক আমেৰিকাৰে কোনো কোম্পানীক বিক্ৰী কৰিব লাগিব।

বহু কোম্পানীয়ে টিকটক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে: ট্ৰাম্প

ট্ৰাম্পক যেতিয়া মাইক্ৰ’ছফটে টিকটকৰ বাবে নিবিদা দিবলৈ সাজু হৈছে নেকি বুলি সোধা হৈছিল, তেতিয়া তেওঁ হ’ব বুলি উত্তৰ দিছিল। ট্ৰাম্পে লগতে কয় যে বহু কোম্পানীয়ে টিকটকৰ প্ৰতি আগ্ৰহী। বাইটডান্সেও ২০২০ চনত টিকটক বিক্ৰীৰ বাবে মাইক্ৰ’ছফ্টৰ সৈতে যোগাযোগ কৰিছিল। তেতিয়া এই চুক্তি চূড়ান্ত কৰিব পৰা নগ’ল। ইয়াৰ পিছত চীনা কোম্পানীটোৱেও অৰেকললৈ একেধৰণৰ প্ৰস্তাৱ লৈছিল যদিও ইয়াতো চুক্তি চূড়ান্ত কৰিব পৰা নগ’ল। এতিয়া যদি এই চুক্তি হয় তেন্তে টিকটকৰ মূল কোম্পানী বাইটডান্সেৰ ইয়াত সংখ্যালঘু অংশীদাৰিত্ব থাকিব, আনহাতে আমেৰিকান কোম্পানীটোৱে আধাতকৈ অধিক অংশীদাৰিত্ব লাভ কৰিব।


টিকটক বিক্ৰী কৰিবলৈ বাধ্য হ’ল কিয় ?

আচলতে বাইটডান্সৰ বিৰুদ্ধে টিকটক ব্যৱহাৰকাৰীৰ তথ্য চীন চৰকাৰৰ সৈতে ভাগ-বতৰা কৰাৰ অভিযোগ উত্থাপন হৈছিল। আমেৰিকাৰ আদালতেও এই অভিযোগ সত্য বুলি বিবেচনা কৰি টিকটকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰে। এই সময়সীমাৰ পাছত বিক্ৰী কৰিব নোৱাৰা টিকটকক যোৱা ১৯ জানুৱাৰীত কিছু ঘন্টাৰ বাবে নিষিদ্ধ কৰা হৈছিল যদিও নতুন ৰাষ্ট্ৰপতি ট্ৰাম্পে কোম্পানীটোক কিছু ৰেহাই প্ৰদান কৰে। ইয়াৰ পিছত আমেৰিকাত পুনৰ টিকটক আৰম্ভ হ’ল।

ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয় ৷ যদি মাইক্ৰ’ছফটৰ চিইঅ’ সত্য নাডেলাই টিকটক ক্ৰয় কৰে তেন্তে টিকটক ভাৰতলৈ পুনৰ ঘূৰি আহিবনে ? এই সন্দৰ্ভত বৰ্তমান ভাৰতীয়ৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷ 


ক্ৰেতাৰ তালিকাত আছে বহুতো ডাঙৰ নাম 

মাইক্ৰ’ছফ্টৰ উপৰিও আন বহু ডাঙৰ কোম্পানী তথা ব্যক্তিত্বই টিকটক ক্ৰয় কৰিবলৈ আগ্ৰহী। ইয়াৰ ভিতৰত আছে আমেৰিকাৰ কোটিপতি ইলন মাস্ক, ইউটিউবাৰ মিষ্টাৰবিষ্ট, অৰেকলৰ মুৰব্বী লেৰী এলিছন আৰু কোটিপতি বিনিয়োগকাৰী ফ্ৰেংক মেকক’ৰ্ট আদিৰ নাম।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?