--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মিঞা সম্প্ৰদায়কলৈ কৰা আপত্তিজনক বক্তব্যৰ বাবে বিৰোধী দল-সংগঠন সৰৱ হৈ থকাৰ সময়তে বিধায়ক শ্বেৰমান আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিঞা শব্দৰ ওপৰত৷

বিধায়কগৰাকীয়ে বাংলাদেশী, অনুপ্ৰবেশকাৰী, পমুৱা বুলি কোৱাতকৈ মিঞা বুলি ক'লে মই গৌৰৱ বোধ কৰিম বুলি বক্তব্য দাঙিধৰে। জাকিৰ হুছেইন শিকদাৰ আৰু ৱাজেদ আলী চৌধুৰীযে সিদ্ধান্ত লওক যে এই জনগোষ্ঠীটোক অনুপ্ৰৱেশকাৰী, চৰোৱা, পমুৱা সন্দেহ যুক্ত অনুপ্ৰৱেশকাৰী আদি বুলি মাতিব নেকি? বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে৷ লগতে তেওঁ কয় যে এই লোক সকল আহিছিল পূৰ্ববঙ্গৰ পৰা, এই সকল অনুপ্ৰৱেশকাৰী যদি অসম খন স্বাধীন হলে মাৰোৱাৰী বিহাৰী বোৰ অনুপ্ৰৱেশকাৰী হৈ যাব নেকি ? মিঞা শব্দৰ অৰ্থটো ভাল, মই ভাবো এই জনগোষ্ঠীটো এই স্থানৰ পৰাই আগবাঢ়ি যায়, মোক যদি অনুপ্ৰৱেশকাৰী বুলি কোৱাৰ পৰিৱৰ্তে মিঞা বুলি কয় মই ভাল পাম! অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু, বহু জনগোষ্ঠীৰে অসমীয়া জাতি নিৰ্মাণ হৈছে৷ মই অনুপ্ৰৱেশ কাৰী, বাংলাদেশী, বংগ মূলীয় অনুপ্ৰৱেশকাৰী শব্দ বোৰ কলে মই অপমান বোধ কৰোঁ বুলি সদৰি কৰে বিধায়কগৰাকীয়ে৷

স্মাৰ্ট মিটাৰ আৰু অন্য ৰাইজে জ্বলা কলা খোৱা বিষয় বোৰৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাই ৰখাৰ বাবে এই সম্প্ৰদায়িক মন্তব্য কৰি আছে বুলিও সদৰি কৰে বিধায়কগৰাকীয়ে৷ প্ৰশ্ন হয় এই পৰিস্থিতয়ে আলোচনাৰ প্ৰকৃত বিষয়বোৰ তলপেলই গৈছে নেকি? কিহক লৈ ব্যস্ত হৈ পৰিছে জনতা?
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?