--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিংবদন্তী মহিলা ক্ৰিকেটাৰ মিথালী ৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতে বিচিচিআইয়ে ভাৰতীয় মহিলা দলৰ অধিনায়ক হিচাপে হৰমনপ্ৰীত কৌৰৰ নাম ঘোষণা কৰিছে। ভাৰতক মহিলা দলক এদিনীয়া ক্ৰিকেটক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। বুধবাৰে মিথালীয়ে খেলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে ৰাষ্ট্ৰীয় নিৰ্বাচক সকলে শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা কৰে। এদিনীয়া দলৰ লগতে টি-২০ দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছে হৰমনপ্ৰীত।

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও হৰমনপ্ৰীতে ভাৰতৰ টি-২০ দলক নেতৃত্ব দিছিল। অৱশ্যে, এদিনীয়া দলত মিথালীৰ সহযোগী আছিল হৰমনপ্ৰীত। এইবাৰ ৫০ অ’ভাৰৰ ক্ৰিকেটত ভাৰতৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে হৰমনপ্ৰীত কৌৰ। নৱনিযুক্ত অধিনায়কগৰাকীৰ সহ অধিনায়কৰ দায়িত্ব পালন কৰিব স্মৃতি মান্ধানাই। ইফালে, শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া দলত ঝুলন গোস্বামীৰ নাম অন্তৰ্ভুক্ত নহ’ল। তেনেস্থলত ঝুলন গোস্বামীৰো অৱসৰৰ প্ৰসংগই অধিক চৰ্চা লাভ কৰা দেখা গৈছে।

ভাৰতৰ এদিনীয়া স্কোয়াডঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ অধিনায়ক), শ্বেফালী বাৰ্মা, যস্তিকা ভাটিয়া (উইকেট ৰক্ষক), সুব্বিনেনী মেঘনা, দীপ্তি শৰ্মা, পূনম যাদৱ, ৰাজেশ্বৰী গায়কোৱাদ, ছিমৰণ বাহাদুৰ, মেঘনা সিং, ৰেণুকা সিং, তানিয়া ভাটিয়া (উইকেট ৰক্ষক) আৰু হাৰ্লিন দেউল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?