--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

পশ্চিমবংগ: 'খেলৰত্ন' বঁটা মমতা বেনাৰ্জীৰ নামত হ'ব লাগে! এইবাৰ জনপ্ৰিয় ইউটিউবাৰ কুনাল কামৰাই সামাজিক মাধ্যমত এই বিভ্ৰান্তিমূলক মন্তব্য কৰিছে। শনিবাৰে 'খেলৰত্ন' বঁটাৰ নাম উল্লেখ নকৰাকৈ কুনালে কয়, 'বিষয়টো মমতা বেনাৰ্জীৰ নামত হ'ব লাগে। কাৰণ তেওঁহে প্ৰকৃত খেলখন খেলিছিল…'।

উল্লেখ্যে যে, শুকুৰবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজীৱ গান্ধী 'খেলৰত্ন' বঁটা 'মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা' হিচাপে পুনৰ নামাকৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল। টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰীয়ে সদৰী কৰে যে, 'দেশৰ নাগৰিকসকলে খেলৰত্ন বঁটা ধ্যান চান্দৰ নামত হোৱাটো বিচাৰিছিল। তেওঁলোকৰ আৱেগক সন্মান জনাই, উক্ত বঁটাটো মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা হিচাপে পুনৰ নামাকৰণ কৰা হয়'।


শেহতীয়াকৈ ট'কিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলে সুদীৰ্ঘ ৪১বছৰ পাছত ব্ৰঞ্জ জয়ৰ সাফল্যৎসৱৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। একাংশই চৰকাৰৰ এই সিদ্ধান্তক ভ্ৰূকুটি কৰি আছে যদিও দেশৰ নাগৰিকসকলৰ এটা অংশই হকীৰ প্ৰবাদপুৰুষ ধ্যান চান্দৰ নামত পদকটো উৎসৰ্গা কৰাত অত্যন্ত সুখী হৈছে। পূৰ্বৰ দৰে কুনাল কামৰাই এইবাৰো দেশৰ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্বাভাৱিকতে মোদীক সমালোচনা কৰিছে। কুনাল কামৰাৰ এই মন্তব্যৰ পাছতে হৈ-চৈ লাগিছে চৌদিশে। সামাজিক মাধ্যমত তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে সমালোচনা কৰিছে দেশৰ নাগৰিকে|

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?