ডিজিটেল ডেস্ক: বিজেপিক লগ নেৰা হৈছে আভ্যন্তৰীণ কন্দলে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত বিজেপি ভিতৰ চৰাত অসন্তুষ্টিৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। উত্তৰ প্ৰদেশৰ আভ্যন্তৰীণ কন্দল চলি থকা অৱস্থাতে আন এখন ৰাজ্যত বিজেপিৰ আভ্যন্তৰীণ বিবাদৰ খবৰ পোহৰলৈ আহিছে।
এইবাৰ বিজেপি আভ্যন্তৰীণ বিবাদৰ সন্মুখীন হৈছে মণিপুৰত। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি, মণিপুৰৰ সাত গৰাকী বিজেপি বিধায়কে মুখ্যমন্ত্ৰীগৰাকীক অপসাৰণৰ দাবী উত্থাপন কৰিছে৷
মণিপুৰৰ পৰিস্থিতি আজিও উত্তপ্ত হৈ আছে। কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা শেহতীয়া সংঘৰ্ষই সমগ্ৰ ৰাজ্য কঁপাই গৈছ্লি। এনে উত্তেজনাময় অৱস্থাত ৰাজ্যখনত চৰকাৰৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মণিপুৰৰ হিংসাৰ বাবে মেইটেই জনগোষ্ঠীক মুখ্যমন্ত্ৰী গৰাকীৰ সমৰ্থন থকাৰ অভিযোগ উত্থাপন কৰিছে দহ গৰাকী কুকি বিধায়কে। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ অৱহেলা তথা বৈষম্যমূলক মনোভাৱৰ বাবেই মণিপুৰৰ পৰিস্থিতিয়ে ভয়াৱহ অৱস্থালৈ গতি কৰা বুলি মত প্ৰকাশ কৰিছে কুকি বিধায়ক কেইগৰাকীয়ে।
অলপতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ ‘মণিপুৰ টেপছ’ৰ নামত এটা অডিঅ’ক লৈ সৰৱ হৈ উঠিছে কুকি বিধায়কসকল। মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া বিচাৰিছে কুকি বিধায়ককেইগৰাকীয়ে।