--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ ফোনত একোটাকৈ অস্ত্ৰ সংস্থাপিত কৰিছে আৰু ইয়াক দেশৰ গণতন্ত্ৰৰ আত্মাত আঘাত কৰিবলৈ ব্যৱহাৰ কৰিছে। আৰু এতিয়া এই বিষয়ে বিৰোধীয়ে সংসদত আলোচনা কৰিব বিচাৰিলেও সেই দাবীক নীৰৱ কৰিব বিচাৰিছে। এই বিস্ফোৰক অভিযোগ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে। পেগাছাছ কাণ্ডই দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ বিপৰীতে শাসকীয় বিজেপিয়ে এই অভিযোগক নস্যাৎ কৰাৰ লগতে উপেক্ষা কৰিবলৈ চেষ্টা কৰি আহিছে।

কিন্তু চৰকাৰৰ এই বিতৰ্কিত কাৰ্যৰ বিৰুদ্ধে একগোট হোৱা দেখিবলৈ পোৱা গৈছে বিৰোধীক। ১৪টাকৈ বিৰোধী দলে আজি ৰাহুল গান্ধীৰ নেতৃত্বত এই বিষয় লৈ আলোচনাত মিলিত হয়। ‘পেগাছাছ ফোন হেকিং’ কাণ্ডৰ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰতিবাদ কৰা কৌশল যুগুতোৱাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছিল। বৈঠকৰ অন্তত ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত ভালেমান বিস্ফোৰক অভিযোগ কৰি লগতে কয়, ‘দেশৰ সমগ্ৰ বিৰোধী শক্তি ইয়াত আছে… সংসদত আমাৰ কণ্ঠক চেপি ৰাখিব খোজা হৈছে।

আমি মাত্ৰ এটা কথা জানিব খুজিছোঁ যে, পেগাছাছ ছফ্টৱেৰ চৰকাৰে ক্ৰয় কৰাটো আৰু ইয়াক দেশৰ বিৰোধী শিবিৰৰ একাংশ লোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো হয়নে নহয়?’ ৰাহুল লগতে কয়,. মই জনগণক এটা কথা সুধিব খুজিছোঁ। নৰেন্দ্ৰ মোদীয়ে এবিধ অস্ত্ৰ আপোনাৰ ফোনত সংস্থাপিত কৰিছে, বিৰোধী দলৰ নেতা, সাংবাদিক, সমাজকৰ্মীৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ কৰিছে। এই বিষয়ে সংসদত এটা আলোচনা হোৱা উচিত হয় নে নহয়? শিৱসেনা, তৃণমূল কংগ্ৰেছ, এনচিপি, ডিএমকে, বাওঁদলকে ধৰি দেশৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিৰোধী দলৰ নেতা এই বৈঠকত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?