ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পিছতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এৰ নেতাসকলে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত মিলিত হয়। এনডিএৰ বৈঠকতে মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং , জনতা দল (ইউনাইটেড)ৰ মুৰব্বী নীতিশ কুমাৰ, তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে, জনতা দল (ছেকুলাৰ) ৰনেতা এইচ ডি কুমাৰস্বামী, জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণ, লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), অগপৰ সভাপতি অতুল বৰা , ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, চিৰাগ পাছোৱান, এনচিপিৰ নেতা প্ৰফুল্ল পেটেলকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰে।
এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য দিশ হিচাবে পৰিলক্ষিত হৈছে। কাৰণ চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ দলসমূহৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এইবাৰ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ২৪০ খন আসন আৰু কংগ্ৰেছে লাভ কৰে ৯৯ খন আসন। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৩০৩খন আসন আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ২৮২খন আসন লাভ কৰিছিল।