--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙকে ধৰি কেন্দ্রীয় কেবিনেটৰ ৯জন কেন্দ্রীয় মন্ত্রীৰ ৰাজ্যসভাৰ কার্যকাল এপ্রিলত শেষ হ’ব৷ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাৰো কাৰ্যকাল শেষ হ’বলৈ গৈ আছে। ইতিমধ্যে দুবাৰকৈ ৰাজ্যসভাৰ টিকট লাভ কৰিছে নড্ডাই। দুবাৰতকৈ অধিক ৰাজ্যসভাৰ টিকট নিদিয়াৰ নীতি যদি মানি চলা যায় তেন্তে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত নড্ডাই টিকট পোৱাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছে। কিন্তু যিহেতু এইটো নিৰ্বাচনী বৰ্ষ, গতিকে দলটোৱে নড্ডাৰ বাবে ব্যতিক্ৰমী স্থিতি গ্ৰহণ কৰি আন এখন ৰাজ্যৰ পৰা নড্ডাক জয়ী কৰাই আনিব পাৰে (নড্ডাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশত বৰ্তমান কংগ্ৰেছৰ শাসন চলি আছে)। কিন্তু বিজেপি নেতৃত্বই বাকী সকল নেতাক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছে।


ৰাজ্যসভাৰ মুঠ ৫৬ গৰাকী সাংসদৰ কাৰ্যকাল অহা এপ্ৰিলৰ ভিতৰত শেষ হ’বলৈ গৈ আছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, লগতে মোদী মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়া, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পৰিবেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ। ইয়াৰ ভিতৰত ভূপেন্দ্ৰ যাদৱ, ধৰ্মেন্দ্ৰ প্ৰধান, মানসুখ মাণ্ডবিয়াই ৰাজ্যসভাত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ ওলাইছে। সাধাৰণতে বিজেপিয়ে ৰাজ্যসভাৰ বাবে কোনো নেতাক দুবাৰতকৈ বেছি প্ৰক্ষেপ নকৰে (ব্যতিক্ৰম, অৰুণ জেটলী, ৰবিশংকৰ প্ৰসাদ)। গতিকে সূত্ৰ অনুসৰি সেই কেবিনেট সদস্যসকলক আগন্তুক লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগতীয়াকৈ সাজু হৈ থাকিবলৈ কৈছে দলটোৱে। বিজেপিৰ সূত্ৰ অনুসৰি, ইয়াৰ ভিতৰত ভাৱনগৰৰ মানসুখ মাণ্ডবিয়া, উত্তৰ গুজৰাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আন এজন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালে। ধৰ্মেন্দ্ৰ প্ৰধান আৰু অশ্বিনী বৈষ্ণৱ ওড়িশাৰ পৰা প্ৰাৰ্থী হ’ব পাৰে। ভূপেন্দ্ৰ যাদৱে হাৰিয়ানা বা ৰাজস্থানৰ পৰা, কৰ্ণাটকৰ পৰা ৰাজীৱ চন্দ্ৰশেখৰ, ক্ৰমে তামিলনাডু আৰু কেৰালাৰ নীলগিৰিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগান আৰু ভি মুৰলীধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?